পৃষ্ঠা:Yugnayak Sankardeva.djvu/২৬৯

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৬১
দৈনন্দিন ভক্তি-ব্যৱহাৰৰ বিচাৰ


ৰাম-নামৰ দৰে আগ-গুৰি নোহোৱা কথাত নহয়। প্ৰকৃত শাস্ত্ৰয়ে তাৰ সঙ্কেত দিছেঃ

“কেৱলং শাস্ত্ৰমাশ্ৰিত্য ন কৰ্ত্তব্যো বিনিৰ্ণয়ঃ।
যুক্তিহীন-বিচাৰে তু ধৰ্মহানিঃ প্ৰজায়তে॥”
“যুক্তিযুক্তং বচো গ্ৰাহ্যং বালাদপি শুকাদপি।
যুক্তিহীনং বচস্ত্যাজ্যং বৃদ্ধাদপি শুকাদপি॥”

 অশৌচ তথা শুচি-সদাচাৰ নিয়ম-পালন জীৱিতৰ বাবে যেতিয়া, স্বাস্থ্য-নীতি আৰু শান্তি-শুদ্ধতা লাভৰ বাবে যেনে উচিত তাক অৱশ্যই কৰিবলগীয়া। নাম-কীৰ্ত্তন আদিত চিত্ত-শুদ্ধি, পৱিত্ৰতা আৰু আনন্দ লাভ আদি সম্পৰ্কিত; গতিকে তাৰ যুক্তি বুজিবলৈ কঠিন নহয়। তাৰ লগত অপ অপৰা বা অবিদ্যাজনিত আৰু কোনো নীচ স্বাৰ্থজড়িত কুসংস্কাৰ ধৰ্মৰ নামত হলেও সোমাবলৈ দিয়া অন্যায়। গতিকে সমাজে যুক্তি-যুক্ত বোলা সাৰ্বজনীন্ নীতি-নিয়ম এনে অশৌচ-পালনৰ বাবে বান্ধি লোৱা উচিত।

 ধৰ্ম-অৰ্থ-কাম প্ৰবৃত্তি-মাৰ্গত সাধন কৰি চতুৰ্থ বৰ্গ মোক্ষ নিবৃত্তি মাৰ্গত সাধন কৰিব, এনে দুষ্ট যুক্তি প্ৰৱঞ্চনামূলক যে সন্দেহ নাই। সংসাৰী বা গৃহস্থী হলে যে মোক্ষাৰ্থী হব নোৱাৰি এনে দুষ্ট তৰ্কও অবিদ্যা-ধৰ্মী কপটীয়া মনৰ যে সিও নিশ্চিত। ৰাজৰ্ষি জনক, মহাপুৰুষ শঙ্কৰদেৱ প্ৰভৃতিৰ জীৱন-আদৰ্শই তেনেবোৰ দুষ্ট যুক্তি- তৰ্কৰ বিষ-ভাণ্ড মষিমূৰ কৰিছে। ভূতৰ মুখত ৰাম-নামৰ দৰেই মাথোন যিবোৰ অবিদ্যা-ধৰ্মী কপটীয়ে শ্ৰীভগৱদগীতাৰ “শোলোখ্‌” মাত্ৰ ভাটোৰ দৰে মুখস্থ গায় তেওঁলোকৰ উপলব্ধি নহলেও, সজ আৰু জ্ঞানীজনৰ বুজিবলৈ বাকী নাথাকে যে নিৰ্লিপ্ততাই অৰ্থাৎ পদুম পাতৰ দৰে পানীত থাকিও পানীত নিতিতাৰ দৰে সংসাৰত থাকিও সংসাৰী নোহোৱাই গীতাৰ মূল শিক্ষা; আৰু যি হেতুকে জীয়াই থাকি কৰ্ম ত্যাগ কৰিব নোৱাৰি, সেই হেতুকে কৰ্ম ত্যাগ মানে কৰ্মফল ত্যাগ, এয়েই যে গীতাৰ সন্ন্যাস যোগৰ মৰ্ম তাকো অৱশ্যে