পৃষ্ঠা:Yugnayak Sankardeva.djvu/২৬৮

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৬০
যুগনায়ক শঙ্কৰদেৱ


 ব্ৰহ্মচৰ্য্য আশ্ৰমৰ পাছত শিষ্যৰ প্ৰতি উপনিষদ্ ঋষিৰ শেষ উপদেশত গাৰ্হস্থ্য জীৱনৰ বাবে বিদ্যা এৰি অবিদ্যাৰে উৎকট্‌ পথ লবৰ কোনো নিৰ্দেশ হব নোৱাৰে। “সত্যম্ বদ। ধৰ্মং চৰ। স্বাধ্যায়ান্‌ মা প্ৰমদঃ। আচাৰ্য্যায় প্ৰিয়ং ধনং আহৃত্য প্ৰজাতন্তুম্‌ মা ব্যৱচ্ছেৎসীঃ। সত্যান্ ন প্ৰমদিতব্যম্। কুশলান্ ন প্ৰমদিতব্যম্‌। ভৃত্যায়ন প্ৰমদিব্যম্। অধ্যায়প্ৰবচনাভ্যাম্ ন প্ৰমদিতব্য। দেৱপিতৃকাৰ্য্যাভ্যাম্‌ ন প্ৰমদিতব্যম্। মাতৃদেৱো ভৱ। পিতৃদেৱো ভৱ। আচাৰ্য্যদেৱো ভৱ। যান্যানৱদ্যানি কৰ্মাণি তানি সেৱিতব্যানি, ন ইতৰাণি।” (তৈত্তিৰীয় উপনিষদ্, ১।১১)॥

 সৰল পৱিত্ৰ অৰ্থত ইয়াত উৎকট অবিদ্যা আচৰণৰ ঠাই নাই। “ধৰ্মং চৰ” বোলোঁতে অধৰ্ম বা অবিদ্যাজনিত ধৰ্ম আচৰণ কৰিবলৈ কোৱা হব নোৱাৰে। “দেৱপিতৃকাৰ্য্যাভ্যাং” বোলোঁতেও মৃত পিতৃ- মাতৃৰ “কাজ” “দেৱতা” পূজি কৰিবলৈ কোৱা বুলিলে বুদ্ধি- বিপৰ্য্যয়ৰ পৰিচয় দিয়া হয়। “যান্যাৱদ্যানি কৰ্মাণি তানি সেৱিতৱ্যানি, ন ইতৰাণি” বুলি তেনে সন্দেহৰ জইন মাৰিছে; অবিদ্যাজনিত কৰ্মই “ইতৰ” কৰ্ম সন্দেহ নাই।

 অপ অপৰা বা অপবিদ্যাই নীচ উদ্দেশ্যেৰে নিৰ্দেশ কৰা “মৃতকৰ কাৰ্য্য” জীৱিতৰ কৰ্ত্তব্য নহয়। জন্মৰ দ্বাৰাই যদি পিতৃ-মাতৃৰ ঋণ লাগি আহে, তাৰ পৰিশোধৰ সময় তেওঁলোকৰ জীৱনতহে, তেওঁলোকৰ মৃত্যুত হব নোৱাৰে, ই সহজ বোধৰ কথা। এজন শিষ্যই যীশুক কৈছিল, ‘প্ৰভু, আগতে মোৰ পিতৃক কবৰ দি আহিবলৈ দিয়ক।’ কিন্তু যীশুৱে তেওঁক কলে, ‘মোৰ লগত আহাঁ; কবৰত থকাবোৰে কবৰ দিয়ক।’ (মেথু, ৮।২১-২২)। আন এসময়ত যীশুৱে কৈছিল, ‘তেওঁ মৃতকৰ ঈশ্বৰ নহয়, জীৱিতৰ ঈশ্বৰহে।’ (মাৰ্ক, ১২।২৭)। নীচ স্বাৰ্থসিদ্ধিৰ বাবে অবিদ্যাৰ ৰঘুমলা পৰাবিদ্যাৰ বটবৃক্ষত বগোৱাবৰ অপচেষ্টা কৰি বহুতে শাস্ত্ৰৰ দোহাই দিয়ে, ই অন্যায়; আৰু শাস্ত্ৰৰ শাস্ত্ৰত্বও তাৰ যৌক্তিকতাৰ ওপৰতহে, ভূতৰ মুখত ওলোৱা