শক্তি আৰু “মৰ্ত্যেন অমৃতম্ ঈপ্সা” (মৰণশীল হৈ অমৰ-লাভৰ বাঞ্ছা), এই তিনি প্ৰমাণৰ দ্বাৰা মানুহ জীৱ-শ্ৰেষ্ঠ। সৃষ্টিৰ পৰম আৰু চৰম তত্ত্ব ব্ৰহ্ম বুলি তৈত্তিৰীয় উপনিষদে (২৷ ৮) ঘোষণা কৰিছে; আৰু ঈশোপনিষদেও তাকে দোহাৰিছে, “এতৎ পৰং ব্ৰহ্ম বেদ, নাতঃ পৰম্ অতীতি।” (৬৷ ৭)। সেইহে জনক ৰজাৰ যজ্ঞ-সভাত যেতিয়া বিদুষী গাৰ্গীয়ে ‘ব্ৰহ্মৰ ওপৰত কি’ বুলি প্ৰশ্ন কৰিছিল, তেতিয়া যাজ্ঞবল্ক্যই তেওঁক সতৰ্ক কৰি দিছিল, “সাৱধান, গাৰ্গী, প্ৰশ্নৰ বিধি-বিধান লঙ্ঘন নকৰিবা।”
যি হেতুকে কেৱল পৰা-বিদ্যাইহে মানুহক অমৃতৰ সন্ধান দিব পৰা একমাত্ৰ পথ, আৰু যিহেতুকে অপৰা-বিদ্যা ইয়াৰ বিপক্ষ আৰু বিপৰীত; অপৰা-বিদ্যাৰ আগম পন্থাইদি গৈ পৰা-বিদ্যাৰ নিগম পন্থা লাভ কদাপি হব নোৱাৰে, আগমৰ পিতনিত সোমাই পৰিলে নিগমৰ ৰাজবাট লাভ কৰা কেৱল ভুৱা দিয়া কথা। “বিৰক্ত” “অবিৰক্ত” কথা সেইবাবে সাধাৰণমতে অৱান্তৰ, আৰু পৰা-বিদ্যাৰ বট বৃক্ষত অপৰা-বিদ্যাৰ ৰঘুমলা বগাবলৈ দিবৰ অপচেষ্টা। প্ৰকৃত সুখ-বাঞ্ছাকাৰী জীৱই আগম-ৰূপ অবাটেদি নগৈ নিগমৰ সুবাট লব লাগে, এয়ে মূল কথা।
চাৰি বেদৰ বহু দেৱ-দেৱীৰ সেৱা, সামাজিক অসাম্য আৰু অন্যায় আদিয়েই জয়ে জয়ে উপনিষদৰ ঋষিসকলৰ ভাবুকতাত ইন্ধন যোগায় আৰু পৰা-বিদ্যাৰ জন্ম দিয়ায়। এই পৰা-বিদ্যাত ইয়াৰ বিপক্ষ আৰু বিপৰীত অবিদ্যাজনিত কুসংস্কাৰৰ ঠাই হ’ব কৰ পৰা? সাংসাৰিক কৰ্ত্তব্য কৰিব লাগিব, কিন্তু তাৰ বাবে অবিদ্যাজনিত প্ৰতিক্ৰিয়াশীল কৰ্ম কৰিবৰ কোনো হেতু নাই। মানৱ প্ৰাণৰ চৰম আকাঙ্খা এই পৰম প্ৰাৰ্থনাত উপনিষদে ফুটাই তুলিছে—
“অসতো মাং সৎ গময়।
তমসো মাং জ্যোতিৰ্গময়।
মৃত্যুৰ্মাং অমৃতঙ্গময়।”