পৃষ্ঠা:Yugnayak Sankardeva.djvu/২৬৬

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

উনত্ৰিশ

দৈনন্দিন ভক্তি-ব্যৱহাৰৰ বিচাৰ

বেদৰ জ্ঞান-কাণ্ড তথা উপনিষদবোৰৰ মূল শিক্ষা আত্ম-বিদ্যা বা ব্ৰহ্মবিদ্যাই “পৰা বিদ্যা” বা “বিদ্যা”; চাৰিবেদ আৰু বেদাঙ্গ- বোৰৰ শিক্ষাই “অপৰা বিদ্যা” বা “অবিদ্যা”। (মুণ্ডক উপনিষদ), (১১-২)। যি “বিদ্যা” নহয় সেয়ে “অবিদ্যা,” বা যি “পৰা বিদ্যা” নহয় মেয়ে “অপৰা বিদ্যা”, এনে ব্যাখ্যা ভুল। প্ৰকৃততে পৰা-অপৰা বা বিদ্যা-অবিদ্যা দুই বিপৰীত বা বিপক্ষ ধৰ্ম বুলিহে বুজিব লাগিব। “বিদ্যায়া অভাৱঃ অবিদ্যা ইতি তু ন অভিপ্ৰেত।” “বিদ্যা-বিপঃ ধৰ্মঃ অঃ অবিদ্যামিত্ৰানৃতাদিবৎ।” সেইহে অপৰা বিদ্যাৰ পাৰঙ্গত গৌতম মুনি আৰু তেওঁৰ পুতেক শ্বেতকেতুৱে পৰা বিদ্যাত সম্পূৰ্ণ অজ্ঞতা স্বীকাৰ কৰি পৰাবিদ্যাত নকৈ শিষ্য হৈছিল। পৰা-অপৰা বিদ্যা পূবা-পছিমা হেতুকে অপৰা বিদ্যাৰ পৰা পৰাবিদ্যালৈ যাবৰ উপায় নাই; সেই বাট এৰি তাৰ সম্পূৰ্ণ বিপৰীত মুখে বাট বুলিব লাগিব।

 অবিদ্যাজনিত অপৰা বিদ্যাৰ ফল বিনাশী ইন্দ্ৰিয়জনিত সুখ, পাশৱিক ভোগ আৰু তাৰ বাবে স্বৰ্গ-বাছা; পুণ্য শেষ হলে স্বৰ্গ- সুখৰ অন্ত পৰি পুনু জন্ম-মৃত্যুৰ ভিতৰেদি দুখ-ক্লেশ চিৰকাল ভোগ কৰিব লগা হয়। গতিকে “ক্লেশৈ অনুগত হি অবিদ্যা।” “নল মৰে গজালি ওপজে”; শাৰীৰিকভাৱে বিবাহাদি সংস্কাৰৰ দ্বাৰা অবিদ্যাই মানুহক চিৰকাল জীয়াই ৰখাৰ ভুৱা দিয়ে। কিন্তু বিদ্যাজনিত পৰা-বিদ্যাৰ অবিনাশী ফলৰূপে মানুহে আত্মাৰ অমৰত্ব উপলব্ধি কৰে সম্পূৰ্ণ ইন্দ্ৰিয়াতীত সুখৰ দ্বাৰা। “অবিদ্যয়া মৃত্যুং তীৰ্ত্বা, বিদ্যয়া-মৃতম্ অশ্নূতে”। ঈশোপনিষৎ)

 ঐতৰেয় আৰণ্যকৰ মতে(২৷৩৷২, ১-৫) আত্ম-আকাশ, চিন্তা-