দেখি সখিগণে যোনো হাসে আসি বেঢ়ি।
মই সাধু ইটো চোৰ হেন লজ্জা এড়ি।৷
কুকুৰ চণ্ডাল গৰ্দভৰো আত্মা ৰাম।
জানিয়া সৱাকে পড়ি কৰিবা প্ৰণাম।৷
সমস্ত ভূতত বিষ্ণু বুদ্ধি নোহে যাৱে।
কায়বাক্য মনে অভ্যাসিবা এহিভাৱে৷৷
বিষ্ণুময় দেখে যিটো সমস্ত জগতে।
জীৱন্তে মুকুত হোৱে অচিৰ কালতে৷৷
সকল প্ৰাণীক দেখিবেক আত্ম সম।
উপায় মধ্যত ইটো অতি মুখ্যতম৷৷
মোৰ ইটো ধৰ্মৰ অল্পৰো নাহি হানি।
যিহেতু সাক্ষাতে মই কৈলোঁ তত্ত্ব বাণী৷৷
দাম্ভিক শঠত নকহিবা ইটো তত্ত্ব।
সদা উপদেশ দিবা বৈষ্ণৱ জনত৷৷
স্ত্ৰী-শূদ্ৰয়ো কৰে যদি আমাত ভকতি।
তাহাত কহিবা ইটো জ্ঞান মহামতি৷৷
আক ভক্তি কৰি পঢ়ে যিটো জ্ঞানী লোক।
মহা শুদ্ধ হুয়া জ্ঞানোদ্দীপে দেখে মোক৷৷”
ব্যৱহাৰিক, মানসিক, নৈতিক আৰু আধ্যাত্মিক চাৰি অনুশীলনৰ বাবে এনেদৰে স্পষ্ট, সম্পূৰ্ণ আৰু সুন্দৰকৈ দিয়া শিক্ষা গীতা-উপনিষদৰ বাহিৰে সচাকৈয়ে কোনো ধৰ্মগুৰুত পোৱা নহয়। ই চাৰিও বিষয়ৰ প্ৰত্যেকতে শ্ৰেষ্ঠতম, অথচ চাৰিওৰো সমন্বয়তো উত্তম; এই সমন্বয় যি ধৰ্মত নাই তেনে ধম অসম্পূৰ্ণ আৰু ত্ৰুটিপূৰ্ণ বুলিব লাগিব। তদুপৰি ই কোনো সাম্প্ৰদায়িক ধৰ্ম নহয়, ই সৰ্বমানৱীয় আৰু বিশ্বজনীন্। সেই বাবেই আমি নিসঙ্কোচে আৰু বুকুত সাহেৰে এই ধৰ্মৰ আচৰণ আটাইৰে বাবে আগবঢ়াব পাৰোহঁক।