জানি দৈত্য-শিশুসৱ হুয়ো একমতি।
হৰিত কৰিও সৱে একান্ত ভকতি।৷
এহি মাত্ৰ মহা পুৰুষাৰ্থ পুৰুষৰ।
শ্ৰৱণ কীৰ্ত্তন কৰিবেক নিৰন্তৰ।৷
সমস্ত ভূতত দেখিবেক নাৰায়ণ।
আত পৰে আন ধৰ্ম সৱে বিড়ম্বন।” প্ৰহ্লাদচৰিত
“বৈকুণ্ঠ বৰ্ণন”ত প্ৰায় একে কথাকে দঢ়াই কৈছে :—
“উদ্ধৱক সম্বোধি মাতন্ত কৃষ্ণে পাছে।
কৰ্মবন্ধ এড়াইবে প্ৰৱন্ধ যাৰ আছে।৷
বৈষ্ণৱৰ সঙ্গ সিটো লৈব প্ৰথমত।
মোহোৰ চৰিত্ৰ শুনিবেক ভকতত।৷
মোৰ নাম কীৰ্ত্তন কৰিব সৰ্বক্ষণে।
হৃদয়ত মোৰ ৰূপ চিস্তিবে যতনে।৷
মোৰ যশ গায় যিটো কৰে গীত-নৃত্য।
নাহি তাৰ ভয় সিটো ভৈল কৃতকৃত্য।৷
শুনিয়ো উদ্ধৱ আৱে ৰহস্য ভকতি।
কৰিবা অভ্যাস তুমি স্থিৰ কৰি মতি৷৷
সমস্ত ভূততে ব্যাপি আছোঁ মই হৰি।
সৱাক মানিবা তুমি বিষ্ণু বুদ্ধি কৰি।৷
ব্ৰাহ্মণৰ চণ্ডালৰ নিবিচাৰি কুল।
দাতাত চোৰত যেন দৃষ্টি এক তুল।৷
নীচত সাধুত যাৰ ভৈল এক জ্ঞান।
তাহাকেসে পণ্ডিত বুলিয়া সৰ্ব জান।৷
বিশেষত মনুষ্যগণত যিটো নৰে।
বিষ্ণু-বুদ্ধিভাৱে সৰ্বদায় মান্য কৰে।৷
ঈৰষা অসূয়া তিৰস্কাৰ অহঙ্কাৰ।
সৱে নষ্ট হোৱে তেৱে তাৱক্ষণে তাৰ।৷