পৃষ্ঠা:Yugnayak Sankardeva.djvu/২৬১

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
২৫৩
ভক্তি-ধৰ্ম আচাৰৰ শুদ্বাশুদ্ধতা

‘যি প্ৰাণ সেয়ে প্ৰজ্ঞা, যি প্ৰজ্ঞা সেয়ে প্ৰাণ; দুয়ো এই শৰীৰত একেলগে বাস কৰে আৰু শৰীৰৰ পৰা একেলগে ওলাই যায়। মুণ্ডক উপনিষদে তাকে ৰূপকভাৱে বৰ্ণাইছে: ‘দুটি পখী, নলে-গলে লগা, থাকে একেজুপি গছত : এটিয়ে খায় সুমিষ্ট ফল, ইটিয়ে নাখাই চাই থাকে।

“ন তত্ৰ সূৰ্য্যো ভাতি ন চন্দ্ৰতাৰকম্
নেমা বিদ্যুতো ভান্তি কুতোহয়ম্ অগ্নিঃ।
তম্ এব ভান্তম্ অনুভাতি সৰ্বম্
তস্য ভাসা সৰ্বমিদম বিভাতি।”

আত্মা বা ব্ৰহ্মই প্ৰজ্ঞা ৰূপে শৰীৰত সোমাই থাকিলেও, তাৰ মূল স্থান যি ব্ৰহ্ম ধাম : তাত (পৃথিবীৰ) বেলিয়ে পোহৰ নাঢালে; (পৃথিবীৰ) জোন, তৰা বা বিজুলীয়েও পোহৰ নিবিলায়; জুইৰ যে কথাই নাই। তাত সেই পৰমাত্মাৰূপী ব্ৰহ্ম নিজেও উজ্জ্বল, আন সকলোকেও পোহৰ দিয়ে, আৰু সেই প্ৰতিভাতে এই বিশ্ব- জগতে প্ৰতিভাত হৈছে।

 সেই একে আত্মা বা ব্ৰহ্মই আকৌ প্ৰাণৰূপে সমগ্ৰ চৰাচৰ জিনি সকলো প্ৰাণীৰ ভিতৰত সোমাই সদৌ জীৱৰ একত্ব প্ৰমাণিত কৰিছে। “ঈশ স্বৰূপে হৰি সৱ ঘটে বৈঠহ, যৈছন গগন বিয়াপি।” (শঙ্কৰদেৱ )। একে বায়ু সমস্ত পাত্ৰত প্ৰবেশি থকাৰ দৰে এক ব্ৰহ্ম তথা এক আত্মাই সকলো শৰীৰত সোমাই আছে, তাৰ বাহিৰে আন একো নাই; একে আত্মা বাবেই আত্মা প্ৰত্যেকৰ বাবেই প্ৰিয়; এক আত্মাক কষ্ট দিলেই অন্য আত্মাই কষ্ট পায়। এই বাবেই প্ৰতি আত্মাই প্ৰতি আত্মাক, প্ৰত্যেক প্ৰাণীয়ে প্ৰত্যেক প্ৰাণীক ভাল পোৱাটোৱেই ধৰ্মৰ মূল সূত্ৰ।

 গুৰুজনাই নিজে বিভিন্ন ঠাইত ভক্তি-আচৰণৰ যি মহৎ উপদেশ দিছে, একমাত্ৰ গীতা শাস্ত্ৰৰ বাহিৰে বাইবেল-কোৰাণ আদি কতো এনে উপদেশ পাবলৈ নাই।