পৃষ্ঠা:Yugnayak Sankardeva.djvu/২৬০

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

আঠাইশ

ভক্তি-ধৰ্ম আচাৰৰ শুদ্ধাশুদ্ধতা

জীৱন কেৱল সুখৰ এক ব্যাকুল সন্ধান। “যদা বৈ সুখং লভতে অথ কৰোতি। নাসুখ লব্ধ কৰোতি, সুখমেব লব্ধা কৰোতি।” ( ছান্দোগ্য উপনিষদ্, ৭৷২২৷৬)। সংসাৰত আকৌ আত্মাৰ বাহিৰে একোৱেই সুখদায়ক নহয়। “ন বা অৰে সৰ্বস্য কামায় সৰ্বং প্ৰিয়ং ভৱতি, আত্মন কামায় সৰ্বং প্ৰিয়ং ভৱতি।” (বৃহ আৰণ্যক উপনিষ ১৷৪৷৮)। জগতত আত্মাই সকলোতকৈ “প্ৰেয়ঃ”। “তদেতৎ প্ৰেয় পুত্ৰাৎ প্ৰেয়ঃ বিত্তাৎ প্ৰেয়ঃ অন্তস্মাৎ সৰ্বস্মাৎ অন্তৰতৰ যদয় আত্মা।” ( একে)। এতেকে আত্মাই একমাত্ৰ দেখিবলগীয়া, শুনিবলগীয়া, মন কৰিবলগীয়া, ধ্যান কৰিবলগীয়া বিষয়। “আত্মা বা অৰে দ্ৰষ্টব্যঃ শ্ৰোতব্যঃ মন্তব্যঃ নিদিধ্যাসিতব্য।” (একে)।

 ‘অন্তৰতৰম্ এই আত্মা খুদকণটিতকৈও ক্ষুদ্ৰ; অন্তৰতম্ এই আত্মা পৃথিবী-আকাশ-স্বৰ্গ আটাইতকৈ বৃহৎ। এই আত্মাৰ ভিতৰতে আছে সমস্ত কৰ্ম, বাসনা, ঘ্ৰাণ, স্বাদ; আত্মা মৌনী নিষ্ক্ৰিয় : অন্তৰত এই আত্মাই ব্ৰহ্ম। এই ঘোষণা কৰে শাণ্ডিল্যই, সচাকৈয়ে শাণ্ডিল্যই।

 এই অন্তৰতৰম্ প্ৰিয়তম আত্মাৰ অনুভৱ কৰা হয় প্ৰাণ বা জীৱাত্মাৰূপে; এই অন্তৰতৰ প্ৰিয়তম্ আত্মাৰ অনুভৱ কৰা হয় প্ৰজ্ঞা বা পৰমত্মৰূপে। বৃহ-আৰণ্যক উপনিষদে যি আত্মা বা ব্ৰহ্মক বুলিছে প্ৰাণ, ঐতৰেয় উপনিষদে সেই আত্মা বা ব্ৰহ্মক বুলিছে প্ৰজ্ঞা। কৌষীতকি উপনিষদে দুইৰে সমন্বয় সাধিছে:

“যো বৈ প্ৰাণঃ সা প্ৰজ্ঞা যা প্ৰজ্ঞা স প্ৰাণঃ।
সহ হ্যেতাৱস্মিন্ শৰীৰে বসতঃ সহোৎক্ৰামতঃ।”

-