পৃষ্ঠা:Yugnayak Sankardeva.djvu/২৬

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

তিনি

কৰ্মকাণ্ডৰ বিৰুদ্ধে জ্ঞানকাণ্ড

মানৱ সভ্যতাৰ বুৰঞ্জীত অৱশ্যে একশৰণ সদায়েই বহু-শৰণৰ বহু পৰবৰ্তী ঘটনা , ধৰ্মৰ আদি ঘৰ ভাৰতবৰ্ষই জয়ে জয়ে ঠিক এই কথাকেই যেন প্ৰমাণ কৰি দেখুৱালে। ঋক্ আদিৰ চকামকা খন্তেকীয়া জিল-মিলনিৰ পাছত ব্ৰাহ্মণ যুগৰ ঘোপ-মৰা আন্ধাৰে ইয়াকেহে বুজালে—দিনৰ স্থায়ী পোহৰলৈ আৰু সৰহ পৰ বাট চাব নালাগিব। দিনৰ সেই পৱিত্ৰ পোহৰ হ'ল উপনিষদৰ যুগ। অকল ভাৰতীয়ৰ বাবেই নহয়, সমগ্ৰ মানৱ জাতিৰ বাবে উপনিষদ সাহিত্য এক যাউতিযুগীয়া পোহৰৰ স্তম্ভ বা সভ্যতাৰ প্ৰথম প্ৰভাত যে তাত সন্দেহ নাই। চাৰি বেদক সৃষ্টিকৰ্ত্তাৰ প্ৰথম নিশ্বাসৰ পৰা ওলোৱা দৈৱ-বাণী বুলি যিদৰে কোৱা হয়, এই উপনিষদসমূহকো তেনেদৰেই দৈৱ-বাণী বোলা হয়; এই উপমা সত্য বুলি ধৰি লৈ ইয়াকে মাথোন কব পাৰি, সেই প্ৰথম নিশ্বাসত প্ৰথম বাবেই যি দূষিত সঞ্চিত অঙ্গাৰাম্ল গেছ লগে লগে বাহিৰ হৈছিল, দ্বিতীয় নিশ্বাস তেনে দূষিত বায়ুৰ পৰা মুক্ত আছিল নিশ্চয়।

 সুখৰ বাতৰি, ঋক্‌-সাহিত্যৰ জিলমিলনিত ঘৰৰ ৰাণী (গৃহ-নেত্ৰী) বুলি সম্মান পোৱা যি তিৰুতাই ব্ৰাহ্মণ যুগৰ অন্ধকাৰত শূদিৰ কুকুৰ আৰু কাউৰীৰ শাৰীত ঠাই পাইছিল, উপনিষদৰ পৱিত্ৰ পুৱাৰ পোহৰত তেওঁলোকে আগতকৈও সম্মানৰ আসন সমাজত লাভ কৰিলে। কুকুৰ-কাউৰীক কুকুৰ-কাউৰীৰ মাজত এৰি শূদিৰ আৰু তিৰুতাই মানুহৰ মাজতো আগ ঠাই লৈ অনেক শূদিৰ আৰু তিৰুতা স্বয়ং বেদৰ মন্ত্ৰ-কৰ্তা ঋষিৰ আসনত বহিল; গতিকে যি ব্ৰাহ্মণ সাহিত্যই বেদ-শাস্ত্ৰ ছুলে শুদিৰ আৰু তিৰুতাক নৰকৰ জীয়া-শান্তি বিধান কৰিছিল, সেই শূদিৰ আৰু তিৰুতা