পৃষ্ঠা:Yugnayak Sankardeva.djvu/২৫৯

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
২৫১
নাম-ধৰ্মৰ প্ৰয়োগ বিচাৰ

“শুনিয়োক অভিপ্ৰায়,  আত পৰে পুণ্য নাই
 হোৱৈ শুদ্ধ মহা অন্ত্য জাতি।
পৰম বান্ধৱ নাম  যিটো লৱৈ অবিশ্ৰাম
 তাৰ সাত কাৰ্য্য সাধে আতি॥
দহৱৈ পাতকগণ  পুণ্য কৰে উপাৰ্জন
 বিৰকতি মিলৈ বিষয়ত।
কৃষ্ণৰ চৰণে প্ৰেম  ভকতিত উপজাৱৈ
 পাৱৈ বিষ্ণু-জ্ঞান মহাতত্ত্ব॥
মায়াকো দহৱৈ তাৰ  কৰৈ মহা উপকাৰ
 দেখা কেনে ধৰম একান্ত।
যিটো পূৰ্ণানন্দ হৰি  তেন্তে এৰে একে কৰি
 থৈয়া নাম হোৱৈ উপশান্ত।”—ৰত্নাৱলী
“যিটো ভক্ত হয়  তাৰ পাপ-বুদ্ধি
 নুপজয় শুনিয়োক।
কোটি জন্মাৰ্জিত  পুণ্যেসে কৃষ্ণৰ
 ভকতি পাৱয় লোক॥ ৬৭৭।
তাৰ পাপ বুদ্ধি  আৰ আছে কৈত
 ভাৰতে ভীষ্ম পৰ্বত।
কৰে ক্ৰোধ লোভ  আদি পাপ-বুদ্ধি
 নুপজে কৃষ্ণ-ভক্তত॥ ৬৭৮। ভ, বি, প

“বহুনাং জন্মনামন্তে জ্ঞানবান্ মাং প্ৰপদ্যতে।
বাসুদেৱঃ সমিতি স মহাত্মা সুদুৰ্লভঃ।” গীতা।