(গ) “যিটো পাপী কৰে নামত হেলা।
(ঘ) “বেদকে জানি নিন্দে কোনো বেলা। ৫১।
(ঙ) “হৰিৰ নামে কৰে অৰ্থবাদ।
নামৰ মহিমা কৰে উচ্ছেদ॥ ৫১।
(চ) “নামত বলে কাৰে পাপ বুদ্ধি। ৫৩।
“অনেক জনম যিটো কৰি মহাশ্ৰম।
পুণ্যৰ সমূহ সাঞ্চি আছে মেৰু সম।
নাম উচ্চাৰিত পাৰে সি সি মহাজনে।
লৈয়ো আৰ সাক্ষী অজামিলৰ বচনে।” ৮০৪। ৰত্না।
গতিকে অজামিলে কেৱল পূৰ্ব-জন্মৰ সঞ্চিত বহু পুণ্যৰ ফলত মৃত্যুৰ মুখত নাৰায়ণ নাম উচ্চাৰিব পাৰিছিল; যাৰ তেনে পূৰ্বজন্ম- সঞ্চিত পুণ্য নাই, তাৰ মুখত কোনো মতে ৰাম নাম ওলাব নোৱাৰে নিশ্চয়। ৰাম নাম প্ৰকৃতভাৱে এবাৰ উচ্চাৰণ কৰিলেই ৰাশি ৰাশি পাপৰ ধ্বংস হয়; তাৰ দ্বিতীয় বাৰ উচ্চাৰণৰ দ্বাৰা প্ৰায়শ্চিত্ত কৰা বাবেই ঋষিয়ে নিজ পুত্ৰক শাওপাত দিয়াৰ কাহিনী এই বাবেই আচৰিত নহয়।
“ৰা শব্দক উচ্চৰন্তে ৰাম ৰাম ৰাম ৰাম ৰাম
মুখ হন্তে বাজ হুয়া পলায় পাপ মানে।
পুণ্যমান হোৱে অভ্যন্তৰে ৰাম ৰাম ৰাম ৰাম ৰাম
ম বুলি অতি কপাট মাৰয় তানে॥ ৬৩৪।
অনন্ত শকতি তুমি ৰাম লক্ষ্মণ সুগ্ৰীৱ বিভীষণ
হনুমন্ত আদি মহা মহা বীৰগণে।
মানি তৰু লতা পৰ্বতক শতেক যোজন সমুদ্ৰ
সেতু বান্ধি পাৰ ভৈলাহa মহা যতনে। ৬৩৬।
হে প্ৰাণ প্ৰভু ৰঘুপতি ৰাম ৰাম ৰাম ৰাম ৰাম
তোমত কৰিয়া তয়ু গুণ-নাম চাৰ।
বিনা সেতু বন্ধ কৰি নৰে ৰাম ৰাম ৰাম ৰাম ৰাম
অপাৰ সংসাৰ সমুদ্ৰৰ হোৱে পাৰ ৬৩৭।