পৃষ্ঠা:Yugnayak Sankardeva.djvu/২৫৬

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৪৮
যুগনায়ক শঙ্কৰদেৱ

(লাজৰ কথা কোনো দুষ্ট পুথি-ব্যৱসায়ীয়ে অজ্ঞানে বা সজ্ঞানেই এই “আক-এৰে” কথাটো “আক-এৰি” বুলি ছপাই বিপৰীত অৰ্থ কৰিছে)! পঞ্চম যুগলত নামত শ্ৰদ্ধাহীন লোকক নাম লগাবলৈ দিয়া আৰু সদায় নামৰ মহিমা শুনি থাকিও তালৈ শ্ৰদ্ধা নকৰা লোকবিলাকক নামাপৰাধ কৰা বুলিছে।—

(১) “প্ৰথমে দহিব পাতকচয়।
(২) কৰিব মহাপুণ্য অভ্যুদয়॥
(৩) কৰাব বিষয়ত বিৰকতি।
(৪) কৃষ্ণত বাঢ়িব প্ৰেম-ভকতি॥ ৬৫।
(৫) ওপজাইব অতি বৈষ্ণৱ-জ্ঞান।
(৬) মায়াক দহিব কৰি নিৰ্য্যাণ॥
(৭) চৈতন্য মূৰ্ত্তি পূৰ্ণানন্দ হৰি।
থৈবেক তেন্তে এৰে এক কৰি॥” ৬৬। কীৰ্ত্তন।

যাৰ পাপেই ক্ষয় নহল, তাৰ পুণ্য হব ক’ত? গতিকে তেওঁ তলৰ খাপতে পৰি থাকিল, ওপৰলৈ উঠিব নোৱাৰিলে। বৌদ্ধ ধৰ্মতো—“পাপশ্চাকৰণম্ পুণ্যশ্চ কৰণম্।” পাপ নুগুচিলে পুণ্য ভৰিবলৈ ঠাই নাই। তেনেকৈয়ে সংসাৰৰ সুখলৈ বিৰাগ নুপজিলে ভগৱৎ-প্ৰেম জন্মিব নোৱাৰে; আৰু তৃতীয় যুগলত, বৈষ্ণৱ-বোধ নজন্মিলে মায়া দূৰ নহয়, আৰু সৱশেষত, এই তিনিও যুগল সম্পন্ন নহলে “চৈতন্য মূৰ্তি পূৰ্ণানন্দ হৰি’’ৰে এক হব নোৱাৰি।

 সোঁ হাতে ইমানেই; বাঁও হাতেও যি দহোটা অন্তৰায় আছে, তাক “নামাপৰাধ” বুলি শঙ্কৰদেৱে জ্বলজ্বল পটপটকৈ দেখুৱাইছে।

(ক) “ভকতক নিন্দা কৰে অধম।
 জানিবা নামৰ দ্ৰোহী পৰম॥ ৪৮।
(খ) “গুণ-নাম যত বিষ্ণু-শিৱৰ।
 তাক ভিন্ন বুদ্ধি কৰে যি নৰ। ৪৯।