আৰু মহৎ হব লাগিব, তাৰেইহে ইঙ্গিত দিছে। গতিকে ওঠ লৰালেই যে নাম লোৱা নহয়, নাম-ধৰ্ম গ্ৰহণ কৰিলোঁ বুলিলেই যে মহাধৰ্মী হ’ল, এনে কথা যুক্তি-বিৰুদ্ধ আৰু বিচাৰ-বিৰুদ্ধ। এতেকে গুৰুজনাই নাম-পৰীক্ষাৰ সাত মহলা দিছে :-
(ছ) “ধৰ্ম হোম ব্ৰত তীৰ্থত স্নান।
যতেক আছে মহা যজ্ঞ-দান॥
আক-এৰে কৰে নামৰ সৰি।
কতনো যাতনা ভুঞ্জিবে মৰি॥ ৫৩।
(জ) নামক কীৰ্ত্তন কৰন্তে আনে।
আন মন কৰি নুশুনে কাণে॥ ৫৪।
(ঝ) “নাহিকে শ্ৰদ্ধা নপাতয় কাণ।
তাক যিটো দেয় নামৰ দান॥ ৫৫।
(ঞ) “শুনিয়া নামৰ মহিমা নিতি।
তথাপি নামত নকৰে প্ৰীতি। ৫৬।
এই নামাপৰাধ কথা সনতকুমাৰ মুনিয়ে শিৱৰ পৰা শুনি নাৰদক কৈছে; শিৱ বাৰজন মহাজনৰ এজন ঘাই বিষ্ণু-ভক্ত। এতেকে ভক্ত-নিন্দাৰ দৰে ভগৱন্ত আৰু ভক্তৰ মাজত ভেদ-ভাবো দোষণীয় বুলি প্ৰথম যুগলত কোৱা হল। “বেদৰ গুপুত বিত্ত নাৰায়ণ এ” এনে বেদৰ জ্ঞান-কাণ্ডক আৰু “সকল নিগম লতা, তাৰ অবিনাশী ফল” নামক যি হীন ভাবে আৰু আওহেলা কৰে, দ্বিতীয় যুগলত তেওঁলোকক নামাপৰাধী বোলা হৈছে। হৰিনাম লোৱা যেন দেখুৱাই যি পাপ কৰি ফুৰে আৰু নামে নো লোকক কেনেকৈ তাৰিব বুলি যি নামক উলাই কৰে তৃতীয় যুগলত তেওঁলোকেও নামাপৰাধ কৰা বুলিছে। হোম-যজ্ঞ, ব্ৰত-তীৰ্থৰ যি ধৰ্ম, “আক এৰে” (ইয়াৰে) যি মহা নামধমক সমান পাতে আৰু আনে নাম-কীৰ্ত্তন কৰোঁতে যি আওকাণ কৰে, চতুৰ্থ যুগলত তেওঁলোকক নামাপৰাধী বুলিছে