পৃষ্ঠা:Yugnayak Sankardeva.djvu/২৫৩

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

সাতাইশ

নাম-ধৰ্মৰ প্ৰয়োগ বিচাৰ

“বৈষ্ণৱ-নিন্দক সূচকক   বৃষ্ঠা লুঠা গ্ৰাম্য শূকৰক
  বিধাতায়ে দুইকো স্ৰজিলন্ত দয়াতৰে।
সূচকে জানিবা নিৰন্তৰে   সাধু সমস্তক শুদ্ধি কৰে,
  যিমতে শূকৰে গ্ৰাম্যক শোধন কৰে॥” ৬৩০।

নাম-ধৰ্মীৰ বিৰুদ্ধে সাধাৰণতে অনেক নিন্দাবাদ শুনিবলৈ পোৱা হয়; সেইবোৰৰ যথাৰ্থতা বা বিপৰীত বিচাৰ কৰিবলগীয়া। ধ্যান-ধাৰণা বা তপ-জপ, যাগ-যজ্ঞ বা বলি-বিধান, পূজা-উপাসনা, ইয়াৰ প্ৰত্যেকৰে সমানে আৰু সলনিত যি নাম-কীৰ্ত্তনক কলিৰ একমাত্ৰ আৰু শ্ৰেষ্ঠতম ধৰ্ম বোলা হৈছে, সেই নাম-ধৰ্ম যে “গালোঁ নাম গল উৰি। তাৰ কি আছে আগগুৰি।” এনে নহয়, তাক সহজে অনুমান কৰিব পাৰি। তদুপৰি নামক যে সিংহৰ লগত আৰু প্ৰায়শ্চিত্তক কুকুৰৰ লগত ( অতিপাতকীৰ পাপ খেদাবলৈ) তুলনা কৰা হৈছে, সিও নাম-মাহাত্ম্যৰ অন্যতম প্ৰমাণ। এতিয়া নাম-মাহাত্ম্যৰ বিৰুদ্ধে কোনো সন্দেহৰ ঠাই নাই, গুৰুজনাই আৰু সকলো ধৰ্মই নামক সুপ্ৰতিষ্ঠিত কৰি গৈছে; প্ৰশ্ন হয় একমাত্ৰ তাৰ প্ৰয়োগ সম্বন্ধে।

“পতিত পাৱন হৰি পতিত পাৱন।
পতিতক নাতাৰিলে নাম কি কাৰণ॥”
“এক নামে যত পাপ সংহৰিতে পাৰে।
পাতকী ততেক পাপ কৰিতে নপাৰে॥”