সৰ্বাৰ্থসাধিকে। শৰণ্যে ত্ৰ্যম্বকে গৌৰি নাৰায়ণি নমোহস্তুতে।” বুলি গৌৰী নাৰায়ণী আদিক মূৰ দোঁৱায়। তাৰ পাছত, “মাধৱে মাধৱো বাচি মাধৱে মাধৱো হৃদি। স্মৰন্তি মাধৱং সৰ্বে সৰ্বকাৰ্য্যেষু মাধৱৱ।” ‘জিতন্তে পুণ্ডৰীকাক্ষ নমস্তে বিশ্বভাৱন। নমোহস্তুতে হৃষীকেশ মহাপুৰুষ পূৰ্বজ।” বুলি আকৌ বিষ্ণু-বৈষ্ণৱক ভালৰি লগাই—
“অপবিত্ৰঃ পবিত্ৰো বা সৰ্বাৱস্থাং গতোহপি বা।
যঃ স্মৰেৎ পুণ্ডৰিকাক্ষং স বাহ্যাভ্যন্তৰং শুচিঃ।”
“অপৱিত্ৰ যিটো আতি পৱিত্ৰ হোৱে বা যদি
সমস্ত অৱস্থা আছে পায়া।
কমল-লোচন সিটো সুমৰে তাৰেসে শুদ্ধ
বাহিৰে-ভিতৰে হোৱে কায়॥” ১২।
দেৱতা-অপদেৱতা আটাইকে একেলগে আৰু সমানে প্ৰণিপাত কৰিবলৈ বুলি আকৌ সকলো বিঘিনি-নাশক গণেশক মূৰ দোঁৱায়। তাৰ পাছত ‘চাপ্ ৰাচি-খানছামাক সেৱা কৰিলে ৰজাকে সেৱা কৰা হয়’ বুলি ভবা মনোবৃত্তিৰে দ্বাৰপালক প্ৰণিপাত, তাৰ শেষত সূৰ্য্য, শিৱ, ব্ৰহ্মা, মনু আদি; তাৰ পাছত “বৈষ্ণৱী শক্তি” দুৰ্গা, লক্ষ্মী, সৰস্বতী, পৃথিবী, গ্ৰামদেৱতা, ইন্দ্ৰ, অনন্ত, অগ্নি, নৱগ্ৰহ, দিকপাল, অষ্টবসু, একাদশ ৰুদ্ৰ, মৰুৎচয়, বজ্ৰাদি অস্ত্ৰ, মৎস্যাদি অৱতাৰ, সৰ্ব- দেৱদেৱী, ঋষি-ঋষিপত্নী; তাৰ পাছত জোক-জেলুক সাপ-বেঙ আদি আটাইৰে পূজা কৰা হয়।
কুতৰ্কীবোৰৰ মতে এনে পঞ্চদেৱতাৰ পূজা হেনো বৈষ্ণৱৰো কৰ্ত্তব্য! যিহেতুকে, প্ৰথম, সেইবোৰৰ উপাসকবোৰে কৰে, আৰু দ্বিতীয়, সেইবোৰ বিষ্ণুৰ অতিৰিক্ত-ব্যতিৰক্ত নহয়!! ঈশ্বৰৰ শ্ৰেষ্ঠতম আৰু পবিত্ৰতম দান বিবেক; সিও যেতিয়া “ভেজাল” হয়, তেতিয়া “ওকণি-শিৰত সাপে খুটিল। ধৰনি ধৰিবলৈ ঠাই নহল।” পাণ্ডু- ৰোগীয়ে জগতখন হালধীয়া দেখিলেও সি প্ৰকৃততে তেনে হব