“কৃষ্ণৰ প্ৰতিমা দেখে চক্ষুৱে ভক্তক।
বিষ্ণু-বুদ্ধি কৰি শিৰে নমে সমস্তক॥
পদে বিষ্ণু-ক্ষেত্ৰ বৈষ্ণৱৰ ঠাইক যায়।
এহিমতে ইন্দ্ৰিয়ৰ বৃত্তি সমুদায়॥
বিষ্ণুতেসে প্ৰৱৰ্ত্তে অযত্নে সৱে জানা।
মনে একো বিষয়ক নকৰে কামনা॥
তেৱে আৰ তাহাৰ মহিমা কৈবোঁ কিক।
পাইলে প্ৰসাদে সিটো মোক্ষতে অধিক॥”
( যাৰ) চক্ষুৱে ভক্তক কৃষ্ণৰ প্ৰতিমা ( যেন ) দেখে; (যি) বিষ্ণু বুদ্ধি কৰি শিৰে(ৰে) সমস্তক নমে; (যি) পদে(ৰে) বিষ্ণু-ক্ষেত্ৰ (স্বৰূপ) বৈষ্ণৱৰ ঠাইক যায়; জানা, এহিমতে (যদি) ইন্দ্ৰিয়ৰ সমুদায় বৃত্তি অযত্নে বিষ্ণুতেসে প্ৰৱৰ্ত্তে, (আৰু) মনে একো বিষয়ক কামনা নকৰে, তেৱে আৰ তাহাৰ মহিমা কৈবোঁ কিক : সিটো (বে) মিক্ষতো অধিক প্ৰসাদ পাইলে। এয়ে উদ্ধৃত পদৰ স্বাভাৱিক কথা ৰূপ, আৰু অসমৰ বৈষ্ণৱ ধৰ্মৰ সহজ স্বৰূপ।
“দেৱৰ্ষি ভৃতাপ্তনণাং পিতৃণাং ন কিঙ্কৰো নায়মৃণী চ ৰাজন।
সৰ্বাত্মন যঃ শৰণং শৰণ্যং গতো মুকুন্দং পৰিহৃত্য কৰ্ত্তব্যম্।”
ভাগৱত ১১৷৫৷৪১।
“দেৱঋষি ভৃতপোষ্য পিতৃএ সৱাৰ।
উপজিলে লোকত পাঞ্চৰো লাগে ধাৰ॥
এতেক কিঙ্কৰী ঋণী ভকতি-বিহীন।
পঞ্চ যজ্ঞ কৰিয়া পাঞ্চৰো শুজে ঋণ॥”
এই পঞ্চ দেৱতাৰ পূজা অকল পাঁচজন দেৱতাৰ নহয়; পাঁচজন দেৱতাৰ নামত সকলো দেৱতাৰ পৰা পুৰুষ-তিৰুতা সাপ-বেঙলৈকে আটাইৰে পূজা। ই স্বৰূপত বৈষ্ণৱৰ অত্যন্ত অকৰ্ত্তব্য। ইয়াত পোনতে “বিষ্ণুৰ্বিষ্ণুৰ্ভগৱান জয় যজ্ঞেশ্বৰোহৰি’’ বুলিয়ে “সৰ্বমঙ্গলমাল্যে শিৱে