পদ :— নকৰিলোঁ শিৰে মাধৱক নমস্কাৰ।
ইটো মাথা গোট মোৰ ভৈল মহাভাৰ॥
কৰ্ণ দুই আছে নুশুনিলো হৰি-কথা।
দুগোটা গৰ্ত্তৰ ভাৰ বহিলোঁহো বৃথা॥
জিহ্বা মোৰ আছন্তে নলৈলো ৰাম নাম।
দাদুৰীৰ জিহ্বা যেন ভৈল কোন কাম॥
নেদেখিলোঁ নয়নে প্ৰভু যেন ৰূপ।
সম্যকে জানিলোঁ দুয়ো আখি অন্ধকূপ॥
যেন চিত্ৰ-বিচিত্ৰ মৈৰাৰ ভাসে পাখি।
প্ৰভু ৰূপ নেদেখিলোঁ পাইলোঁ তেন আখি॥
হৰি-পদ তুলসীৰ নলৈলোঁহে ভ্ৰাণ।
জীৱন্তে মৰিলোঁ নাসা ভাটিৰ সমান॥
পিন্ধিলোহোঁ বাহুত অনেক অলঙ্কাৰ।
প্ৰভুৰ পূজাক নকৰিলোঁ একবাৰ॥
কৃষ্ণ-কৃত্য নকৰিলেঁ ভৈলোঁহো বৰ্বৰ।
ইটো হস্ত বাহু মিছা মৃতক শৱৰ॥
পাৱ দুই আছন্তে নগৈলোঁ ক্ষেত্ৰস্থান।
মোৰ পাৱ ভৈল বৃক্ষ-শিপাৰ সমান॥”
বিউত কাঁইট বাচিবলৈ বিচৰাৰ দৰে কুতৰ্কীবোৰে ইয়াতো কুতৰ্কৰ আহাৰ বিচাৰি পায়; ইয়াত যে “ক্ষেত্ৰস্থান” বুলি সাধু-সঙ্গ, “প্ৰভুৰ পূজা” বুলি যে “ঈশ্বৰ-সেৱা”, নুবুজি তীৰ্থভ্ৰমণৰ পুণ্য আৰু মৃন্ময় প্ৰতিমা-পূজা বুজে ! স্বৰূপ প্ৰসঙ্গত সি অন্যায় যে সন্দেহ নাই। অসমীয়া নামঘৰ, গোঁসাই-ঘৰ, কীৰ্ত্তন-ঘৰ ক’তো থাপনাত মূৰ্ত্তি নাই; সদায় কীৰ্ত্তন-দশম-ঘোষা আদি পুথিৰেই থাপনা পতা হয়। কৰবাত যদি থাপনাত মূৰ্ত্তি বহিছে, তেন্তে সি অসমৰ বৈষ্ণৱ ধৰ্মৰ থান নহয়, শঙ্কৰদেৱৰ পৱিত্ৰ ধৰ্মৰ ঈশ্বৰ-সেৱা তাত নাই। দেশ-ভ্ৰমণ তীৰ্থ- পূজা নহয়; তীৰ্থ-পূজাৰ বিধানে অসমৰ বৈষ্ণৱ ধৰ্মত নাই নিশ্চয়।
১৬