বা নাজানি “বেদ” শব্দ নীচ স্বাৰ্থ-সিদ্ধিৰ বাবে নিজ সুবিধামতে ব্যৱহাৰ কৰাটোৰ বিৰুদ্ধে সাৱধান হোৱা বাঞ্ছনীয়। ইয়াত বেদ শব্দই অৱশ্যে ক্ৰিয়া-কাণ্ড বুজাইছে আৰু পূৰ্ব প্ৰসঙ্গক্ৰমে আকৌ“ভক্তি-অবিৰোধী” কৰ্ম প্ৰথম অৱস্থাত ত্যাগ কৰা অনুচিত বুলিছে। বিদ্ধাৰ পৰা শুদ্ধালৈ যাবলৈ হলে এই পদ্ধতি; কিন্তু স্বভাৱতে শুদ্ধ-চিত্ত লোকৰ বাবে শুদ্ধা ভক্তিলৈ এই বেকা বাট নাই।
শুদ্ধা ভক্তি অহৈতুকী বা নিষ্কামী; শুদ্ধাত্মাৰ বাবে ই সহজ পথ। কৰ্ম-বিদ্ধাই হওক বা জ্ঞান-বিদ্ধাই হওক, বিদ্ধাই মানসিক দাসত্ব বুজায়; শুদ্ধাই আত্মাৰ পৱিত্ৰতাৰ দৰে স্বাধীনতাও বুজায় যে তাক বিদ্ধা ভক্তিৰ সেৱকবোৰে উপলব্ধি কৰা টান। শঙ্কৰদেৱ-মাধৱদেৱৰ পিতৃ-ধৰ্ম এই বিদ্ধা ভক্তি আছিল; শুদ্ধা ভক্তিৰ নিৰ্মল পোহৰ আৰু পৱিত্ৰ সোৱাদ পোৱা মাত্ৰকতে সেই সকলো ততালিকে এৰি তেওঁলোক ভক্ত হল। কৰ্ম-বিদ্ধাৰ স্তুতি :-
“বিধেহি দেবি কল্যাণং বিধেহি বিপুলা: শ্ৰিয়ম্।
ৰূপং দেহি জয়ং দেহি যশো দেহি দ্বিষো জহি॥”
ইয়াৰ বিৰুদ্ধে শুদ্ধা ভক্তিৰ তুতি মন কৰিবলগীয়া :
“তযু দাস কৰি প্ৰভু মোক কিনা কিনা।
আন ধন নলাগয় নাম-ধন বিনা।”
প্ৰহ্লাদ-নৰসিংহৰ কথোপকথনতে শুদ্ধা ভক্তিৰ স্বৰূপ :
“বোলন্ত প্ৰহলাদ উঠ উঠ। |
তোৰ ভক্তি ভৈলো মহা তুষ্ট॥ |