পৃষ্ঠা:Yugnayak Sankardeva.djvu/২৪৬

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
২৩৮
যুগনায়ক শঙ্কৰদেৱ

“ভৈল যাৰ শ্ৰদ্ধা মোৰ কথা-শ্ৰৱণত।
নিত্য নৈমিত্তিক আদি কৰি কৰ্ম যত॥
কথাৰ বিৰোধী জানি ত্যজয় সকল।
সমস্ত ধৰ্মৰ কথা-শ্ৰৱণেসে ফল॥”

 ইয়াত মনত ৰাখিবলগা কথা, চৰম মাৰ্গ (ৰাজ-আলি) ভক্তি পন্থা লক্ষ্য কৰা বিলাকেও নিত্য-নৈমিত্তিক আদিৰ কেৱল “ভক্তি- অবিৰোধী” কৰ্ম (যেনে, গৃহস্থৰ মঙ্গলৰ বাবে পতা নাম-গুণ আদি “সকাম”) কৰিব পাৰে বুলিছে; “ভক্তি-বিৰোধী” কৰ্ম (যেনে বহু দেৱ-দেৱী বা ভূত-প্ৰেত আদি সেৱা) ভক্তি-পন্থত ভৰি দিয়াৰ আগতো কৰিবলৈ স্বৱতে নিষেধ যিহেতুকে তেনে লোকৰ কোনো কালেই কল্যাণ হব নোৱাৰে। মুঠ কথা, ঈশ্বৰ-মুখী হবলৈ হলে নিষ্কাম ভক্তি-মুখী হবই লাগিব; কৰ্ম-মুখী বা জ্ঞান-মুখী সকাম ভক্তিক এই অৰ্থত কশ্চিতো ভক্তি বোলা নহয়। ভক্তি-পন্থত ভৰি দিয়া সকলকে দুই শ্ৰেণীত বিভক্ত কৰা হৈছে:

“অবিৰক্ত ভকতৰ বেদ লঙ্ঘিবাৰ দোষ
 জানিবাহা ইয়াক নিশ্চয়।
পৰম বিৰক্ত যিটো কৃষ্ণৰ ভকত ভৈল
 তাৰ একো নাহিকে নিৰ্ণয়॥” ৫৯

 ভক্তি ধৰ্মত সোমোৱা মাত্ৰকে বা নাম-ধৰ্ম গ্ৰহণ কৰা মুহূৰ্ততে“বিৰক্ত” অৰ্থাৎ বিষয়-ভোগৰ প্ৰতি অনাসক্তি হয় বুলি ভবা অযুগুত; “ওপজাইবে বিষয়ত বিৰকতি” ই নাম-ধৰ্মীৰ স্বভাৱ পৰিবৰ্তনৰ আৰু উৎকৰ্ষৰ তৃতীয় খাপ। গতিকে যেতিয়ালৈকে বিষয়ত বিৰক্তি জন্মে তেতিয়ালৈকে “ভক্তি-অবিৰোধী” কৰ্মবোৰ মাত্ৰ মানসিক সংযমৰ বাবে কৰি থাকিব। “বেদ” শব্দই কৰ্মকাণ্ডী সংহিতাবোৰো বুজায়, আৰু জ্ঞানকাণ্ডী বেদান্তকো বুজায়; কুতৰ্কীবোৰে বহুত সময়ত জানি