“অনেক জনমে যিটো কৰি মহাশ্ৰম।
পুণ্যৰ সমূহ সাঞ্চি আছে মেৰু সম॥
নাম উচ্চাৰিতে পাৰে সি সি মহাজনে।
লৈয়ো আৰে সাক্ষী অজামিলৰ বচনে॥”৮০৪, ৰত্নাৱলী।
ই গভীৰ তাৎপৰ্য্যপূৰ্ণ কথা নিশ্চয়। মৃত্যুৰ মুহূৰ্ত্তত ঐন্দ্ৰজালিক (ভেল্কীবাজি) প্ৰভাৱেৰে অজামিলে পুতেকক নাৰায়ণ বুলি নাম কাঢ়ি মাতিয়ে মুক্তি পালে এনে পতনুৱা কথা যিবোৰে ভাবে, সেইবোৰৰ বাবে ই এটা জীৱন্ত উত্তৰ।
মামৰৰ ডাঠ চামনিয়ে যত লোহাৰ গুণ লুপ্ত কৰিছে তাত চুম্বক আকৰ্ষণ শক্তি বিফল; অজামিলৰ জীৱাত্মা-ৰূপী লোহাতো আগ বয়সৰ পাপৰ যি মামৰ বান্ধিছিল, পিছ বয়সৰ পৱিত্ৰ গাৰ্হস্থ্য জীৱনে তেওঁ নিজে নজনাকৈ সেই মামৰ ক্ৰমে খহাই আছিল। দহোটা পুত্ৰৰ মুমলীয়াটিৰ নাৰায়ণ” নাম “অতি দয়াতৰে” ৰখা কথাই আৰু প্ৰমাণ কৰে নিজেও নজনাকৈ তেওঁক নাম-মাহাত্ম্যই আগতে স্পৰ্শ কৰিছিল; মৃত্যু-মুখত, প্ৰাণৰ আতঙ্কত, নাৰায়ণ নাম মুখলৈ অহাত বুজিব লাগিব, অৱশিষ্ট পাপৰ মামৰ সেই মুহূৰ্তত সম্পূৰ্ণ খহি পৰিছে আৰু তেওঁৰ তীখা যেন চিকমিকীয়া জীৱাত্মাৰ লোহা ততালিকে পৰমাত্মাৰূপ চুম্বকৰ দ্বাৰা আকৃষ্ট হৈছে।—
“শুদ্ধে বা অশুদ্ধে এক নাম, বোলে বা শুনে বা মনে স্মৰে,
অপৰাধহীন পুৰুষক সদ্যে তাৰে।
দেহ-ধন-জন অৰ্থ লোভ পাষণ্ড বুদ্ধিয়ে যিটো লৱে,
সেহি হৰি নামে তাৰিতে শীঘ্ৰে নপাৰে॥” ৬৫৫।
“স্তাৱত কৃষ্ণৰ ভক্ত নৰে, ভক্তি-অবিৰোধী কৰ্ম কৰে,
কৃষ্ণৰ কথাত ৰতি যাৱে নোপজয়।
যেৱে ভৈলা কৃষ্ণ-কথা-ৰত নিত্য-নৈমিত্তিক আদি যত,
কথাৰ বিৰোধী জানি সমন্তে তেজয়॥” ৫৯৭।