দেখিবলৈ পোৱা হ’ল, ঈশ্বৰ লাভৰ তিনি বাট কৰ্ম, জ্ঞান আৰু ভক্তি যথাক্ৰমে তিনিটি সোপান (জখলাৰ খাপ) বুলিব পাৰি : কৰ্মৰ ওপৰত জ্ঞান, জ্ঞানৰ ওপৰত ভক্তি; শুদ্ধ আত্মা সকলে কৰ্ম আৰু জ্ঞানৰ খাপ নবগোৱাকৈও ভক্তিৰ সোপানত ভৰি দিব পাৰে। কিন্তু কৰ্মৰ খাপেদি যাব লগাবোৰে জ্ঞান আৰু ভক্তিৰ খাপত নুঠাকৈ ঈশ্বৰ- লাভ কদাপি কৰিব নোৱাৰে; এতেকতে ভক্তিৰ বাট সহজ আৰু প্ৰশস্ত বোলা হৈছে। কৰ্মপন্থা প্ৰাকৃত আৰু নিকৃষ্ট; কিন্তু পাশৱিক জীৱনৰ ভোগ-তৃষ্ণাত মুগ্ধ অশুদ্ধাত্মাই সেই প্ৰবৃত্তি মাৰ্গেদি গৈয়েই পোনতে নিজ চিত্ত-শোধন কৰিব লাগিব নিশ্চয়। গতিকে এই কৰ্মপন্থাত থকা চিত্ত-শোধন নোহোৱাবিলাকৰ বাবে নামৰ প্ৰয়োগ অপব্যৱহাৰ মাত্ৰ; এই বিষয়ত বৈষ্ণৱ গীত-পদ অতি মুখৰ :
“অতি পাতকীক নাম নলাগে,
নিয়মে-সংযমে তাৰে।
শৃগাল খেদাইতে সিংহ নলাগে,
কুকুৰে খেদাইতে পাৰে॥”
“জানিও হৰিৰ নাম নকৈবাৰ
আৰো আছে অভিপ্ৰায়।
যেন কোন জনে কুকুৰ শৃগাল
খেদাইবাক মাত্ৰ চায়॥ ৭৮৯
তাক লাগি যেন পোষণ সিংহক
মেলি নেদে কদাচিত।
সেহি মতে অতি তুচ্ছ ছাড় ইটো
কোন পাপ-প্ৰায়শ্চিত্ত।
পৰম মঙ্গল হৰি-নাম-ধৰ্ম
মুকুতৰো যাত ৰতি।
পাপ প্ৰায়শ্চিত্ত অৰ্থে মহাজনে
নকৈলা নাম সম্প্ৰতি॥ ৭৯০