পৃষ্ঠা:Yugnayak Sankardeva.djvu/২৪২

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

ছাবিশ

ভক্তিৰ বিৰোধী-অবিৰোধী কৰ্ম


 সৃষ্টিৰ আদিত আছিল নাম (শব্দ); নাম আছিল ঈশ্বৰৰ লগত, হক নামেই আছিল ঈশ্বৰ (শব্দই ব্ৰহ্ম)”। (নৱবিধান, জন, ১।১)! শঙ্কৰদেৱেও তাকে কৈছে : “আপোন নামৰ সঙ্গ নছাৰস্ত হৰি। যেই নাম সেই হৰি জানা নিষ্ঠ কৰি।” শঙ্কৰদেৱৰ প্ৰচাৰিত ভক্তি-ধৰ্মত নামৰ নিজ স্থান এনেদৰে নিৰ্ণয় কৰিব পাৰি : জ্ঞান-পন্থাত যি ব্ৰহ্ম অজ্ঞেয়, ধ্যেয়; বেদান্তৰ নিৰ্গুণ বস্তু, “অবাঙ্‌মনস-গোচৰঃ” ভক্তি-পন্থাত, ভগৱান (ব্ৰহ্ম) আশ্ৰয়জাতীয়, সেব্য; (জীৱ) আশ্ৰিত জাতীয়, সেৱক। স্বৰূপতে, ভগৱান আৰু ভক্ত সম- জাতীয় : মাত্ৰ ভগৱান বিভু-চিৎ, ভক্ত অণুচিৎ; ভগৱান সৰ্বশক্তিমান, ভক্ত অল্পশক্তিমান। ভক্তি (সেৱা) স্বৰূপতে আশ্ৰয়-গ্ৰহণ, ভগৱানত শৰণ। ভক্তৰ স্বভাৱ অনুসাৰে ই দ্বিধা হয়, (১) বিদ্ধা (সকাম ); (২) শুদ্ধা ( নিষ্কাম )। (১) বিদ্ধা (সকাম) দুবিধ : (ক) কৰ্মবিদ্ধা (যজ্ঞ-দানী); (খ) জ্ঞান-বিদ্ধা (তপ-জপী)। কৰ্ম-বিদ্ধা সদায় বুভুক্ষু (“দেহি দেহি পুনঃ পুনঃ”); জ্ঞান-বিদ্ধ। মুমুক্ষু (“সোহহং,” ব্ৰহ্ম-পদ অভিলাষী); উভয়েই যি যি ফল বাঞ্চে বা লভে, সকলো বিনাশী আৰু ক্ষণস্থায়ী। শুদ্ধা (ৰসময়ী) ভক্তিৰ আৰু ঠাল নাই, ইয়াৰ ফল অবিনাশী (“কৃষ্ণ নাম চৈতন্য স্বৰূপ”): ই অহৈতুকী, অপ্ৰতিহতা, অব্যভিচাৰী, কৃচ্ছ্ৰহীনা। ভক্তি-বৃক্ষৰ চিত্ৰ এনেদৰে কল্পনা কৰিব পাৰি।