এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
২৩৩
শঙ্কৰদেৱৰ একশৰণ নীতিৰ স্বৰূপ
আথে-বেথে উঠি ফুল পাছি পাছি তুলি।
প্ৰতিমা উপৰে বাকে নমো কৃষ্ণ বুলি॥
নমো কৃষ্ণ বুলি সৱে ঢালিলন্ত জল।
বঝাইল বেগে মনে মহা কৌতূহল॥ ১১০৩।
পাছে মৃদু কৰিয়া মাধৱে বোলা চাই।
গোসাঁই পূজিবাৰ আতৈ বেলা দেখোঁ যায়॥ ১১০৬।
মাধৱৰ বাণী শুনি বুলিলন্ত পাছে।
তুমিয়ো জানিলা আৰো পূজিবাক আছে॥
যেতিক্ষণ আমি আসি তোমাকে দেখিল।
তেখনে গোসাঁইৰ পূজা সমস্তে সিজিল॥ ১১০৭।
একান্ত ভক্তৰ সঙ্গ নপাৱাহা যেৱে।
পূজা আদি হৰি-সেৱা আচৰিব তেৱে॥
যেৱে জানা মহা ভকতৰ সঙ্গ পায়।
তেৱে পূজা আদি কৰি কাতো কাৰ্য নাই॥ ১১০৮।
যেখন তোমাৰ আসিবাৰ বাৰ্ত্তা পাইলোঁ।
নমো কৃষ্ণ বুলি ফুল ঢালিয়া আসিলোঁ॥” ১১০৯।
⸻