দৈত্যাৰিৰ গুৰু-চৰিতৰ এই কথা কৈ আওকথীয়াবোৰে চিঞৰে বোলে মাধৱদেৱৰ দৰে পৰম বৈষ্ণৱেও দেৱ-দেৱীৰ পূজা কৰিবলৈ এনেকৈ বিধান বা অনুমতি দিছে!! শূদ্ৰই বেদ পঢ়িলে জিবা কাটিবৰ বিধান দিয়া বিলাকে এনে মিছা কথা কোৱাবোৰৰ বিৰুদ্ধে যদি তেনে বিধান দিলেহেতেন সি মানবীয় কাৰ্যই হলহেতেন! ‘আমি তেনে কাম কেতিয়াও নকৰোঁ; যাৰ মন যায় সেয়ে তেনে কাম কৰি ৰৌৰৱ নৰকত পৰি মৰক।'—বুলিলে তেন্তে নিশ্চয় ৰৌৰৱ নৰকত পৰিবলৈ বিধান-অনুমতি সকলো দিয়া হব! আৰু ইবোৰেও সেই মতেই তাত পচি মৰিবগৈ নিশ্চয়!!
নিত্য-নৈমিত্তিক আৰু সত্য ধৰ্মৰ তুলনামূলক উদাহৰণ সেই গুৰু- চৰিততে থাকিলেও তেওঁলোকে “অশ্বত্থামা হত” বুলিয়ে ক্ষান্ত।—
“কণ্ঠভূষণৰ কহোঁ শুনিয়ো ব্যৱস্থা॥
গোসাঞিৰ পূজাৰ কাম কৰন্ত নিশ্চয়।
কুড়ি পোৱা পাইক ৰাজায়ে দিয়াছয়॥ ১০৯৯।
তাৰ আঠজনে নিতে তোলে ফুল-জল।
বাহ্ৰজনে আন কম কৰয় সকল॥
শালগ্ৰাম প্ৰমুখ প্ৰতিমা কুড়ি ছয়।
জল-ফুল দিয়া প্ৰতি দিবসে পূজয়॥ ১১০০।
চাৰি পাছি ফুল জল চাৰি কুম্ভমান।
পুহা হন্তে পূজা দুই প্ৰহৰ প্ৰমাণ॥
সিদিনা প্ৰতিমা সৱ মাত্ৰ ধুৱাইছন্ত।
সেহি বেলা মাধৱৰ কথা শুনিলন্ত॥ ১১০১।
পিঢ়াতে উলটি দুৱাৰীৰ মুখ চাই।
পুছিলন্ত বুলি কোন মাধৱ দুনাই॥
দ্বাৰী বোলে সুন্দৰী দিয়াৰ মাধৱ।
শুনিয়া মনত বৰ মিলিল উৎসৱ॥ ১১০২।