পৃষ্ঠা:Yugnayak Sankardeva.djvu/২৪

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৬
যুগনায়ক শঙ্কৰদেৱ

“মোহ-মায়া-ৰাগ, মদ-মল-কাম, দম্ভ-দেব আদি ভাৱ। যি গুৰুজনত ইসৱ নাথাকে, প্ৰণমো তাহান পাৱ।” (মাধৱদেৱ); যিজনে নিজ কুপ্ৰবৃত্তিৰ লগত যুদ্ধ কৰিব পাৰে, যিজনে কাম, ক্ৰোধ, মোহ, অযশ, অসন্তুষ্টি, এই পাঁচটা পাপ নিলগত ৰাখিব পাৰে, তেৱেঁই প্ৰকৃত বলবান’ (মাইনো-ই খেৰাদ্); “পৰম দুৰ্বোধ্য আত্মতত্ত্ব, তাৰ জ্ঞান অৰ্থে হৰি যত, লীলা অৱতাৰ ধৰাঁ তুমি কৃপাময়।” (ঘোষা, ৬৪০ ); (মজ্দাই) আমাক সেই সৰ্বশ্ৰেষ্ঠ বস্তু আত্ম-তত্ব দান কৰোক’। (গাথা, ৪৬৷২)। বৈকুণ্ঠ-প্ৰয়াণত কৃষ্ণই উদ্ধৱক দিয়া উপদেশ শঙ্কৰদেৱে বৰ্ণনা কৰিছে :—

“শুনিয়ো উদ্ধৱ আৱে ৰহস্য ভকতি।
কৰিবাঁ অভ্যাস তুমি স্থিৰ কৰি মতি॥
সমস্ত ভূতত ব্যাপি আছোঁ মই হৰি।
সৱাক মানিবাঁ তুমি বিষ্ণু বুদ্ধি কৰি॥ ১৮৭৭।
ব্ৰাহ্মণৰ চাণ্ডালৰ নিবিচাৰি কুল।
দাতাত চোৰত যেন দৃষ্টি এক তুল॥
নীচত সাধুত যাৰ ভৈল এক জ্ঞান।
তাহাকেসে পণ্ডিত বুলিয়া সৰ্বজান॥ ১৮৭৮।
বিশেষত মনুষ্যগণত যিটো নৰে।
বিষ্ণু বুদ্ধি ভাৱে সৰ্বদায় মান্য কৰে॥
ঈৰষা অসূয়া তিৰস্কাৰ অহঙ্কাৰ।
সৱে নষ্ট হোৱে তেৱে তাৱক্ষণে তাৰ॥ ১৮৭৯।
দেখি সখিগণে যোনো হাসে আসি বেঢ়ি।
মই সাধু ইটো চোৰ হেন লজ্জা এড়ি॥
কুকুৰ চণ্ডাল গৰ্দভৰো আত্মা ৰাম।
জানিয়া সৱাকো পড়ি কৰিবাঁ প্ৰণাম॥ ১৮৮০।
সমস্ত ভূতত বিষ্ণু বুদ্ধি নোহে যাৱে।
কায়-বাক্য-মনে অভ্যাসিবাঁ এহিভাৱে॥