সূৰ্য্য অগ্নি আদিকো মান্য কৰিব পাৰে, কিন্তু সেইবোৰত সেই অখণ্ড ৰূপ আৰোপ কৰা পাপত লিপ্ত নহয়। উদাহৰণ স্বৰূপে, যৰথুস্ত্ৰ- বিলাকৰো যজ্ঞ (যস্ন) আছে, কিন্তু তেওঁলোকে জুইত কোনো আহুতি নিদিয়ে। গতিকে তেওঁলোক অগ্নিপূজক নহয় : যেনেকৈ গীৰ্জাত ক্ৰছ্, চিনে বিশেষ ঠাই পায়, কিন্তু ক্ৰছৰ পূজা নাই। এতেকে খৃষ্টানবোৰ ঈশ্বৰ-উপাসক, ক্ৰছ-উপাসক নহয়। আধ্যাত্মিক তত্ত্ব-বিচাৰত এনে সাধাৰণ সূক্ষ্ম বিচাৰ-বোধ নহলে নচলে নিশ্চয়।
“তাবৎ কৰ্ম্মাণি কুৰ্বীত ন বিৰজ্যে যাৱতা।
মৎকথা শ্ৰৱণাদৌ বা শ্ৰদ্ধা যাৱন্ন জায়তে॥”
“তাৱত কৃষ্ণৰ ভক্ত নৰে ভক্তি-অবিৰোধী কৰ্ম কৰে,
কৃষ্ণৰ কথাত ৰতি যাৱে নোপজয়।
যেৱে ভৈলা কৃষ্ণ-কথা-ৰত নিত্য-নৈমিত্তিক আদি যত,
কথাৰ বিৰোধ জানি সমস্তে তেজয়॥”
ইয়াৰ তৃতীয় শাৰীটোৰ “নিত্য-নৈমিত্তিক আদি যত” কথাষাৰ প্ৰথম শাৰীটোৰ “ভক্তি-অবিৰোধী কৰ্ম”ৰ উদাহৰণ স্বৰূপে স্পষ্টভাৱে দিয়া হৈছে যাতে আন দেবী-দেৱৰ সেৱা-পূজা “ভক্তি-অবিৰোধী কৰ্ম”ৰ ফালে টনা-আজোৰা কৰা নহয়।
“মাধৱে বোলন্ত কেনে শৰত কালীক
পূজিবো আমৰা ৰাজা বোলে পুছ কিক॥
নুপূজয় শৰত কালীক আৰা সৱে।
মাধৱে বোলন্ত ভোগ ইচ্ছা কৰি যেৱে॥
তেৱেসে পূজিবে লাগে শৰত কালীক।
ভোগ ইচ্ছা নভৈলে পূজিবো তাঙ্ক কিক।
ভোগক লাগিয়া ইচ্ছা কৰে যিটো লোক।
শৰত কালীক তাৰা সকলে পূজোক॥”