মায়া-এৰে আপুনি বুদ্ধিৰ গুচে ভ্ৰম।
নিৰ্মল হৃদয়ে জীৱে দেখে পৰ ব্ৰহ্ম॥
যি কালত জ্ঞান-অস্ত্ৰে ছেদে অহঙ্কাৰ।
ছিন্দে কৰ্মবন্ধ তেৱে জীৱে আপোনাৰ॥
হৃদয়ত পৰম আনন্দ হোৱে জাত।
পৰিপূৰ্ণ আত্মা হোৱে মনত সাক্ষাত॥
দেহকো নেদেখে জীৱে হোৱে ব্ৰহ্মময়।
ইহাকেসে বুলি ৰাজা আত্যন্তিক লয়॥
১১শ স্কন্ধ, ১৭১-৮০।
চাৰি বেদে কোৱা ক্ৰিয়া-কাণ্ড (কৰ্ম), ব্ৰহ্মবাদীৰ তপ-জপ (জ্ঞান); তাৰ বিপক্ষেই এই ভক্তি ধৰ্ম, গতিকে আটাইকেইটা সানি- পুতকি একে কৰিবৰ ঠাই নাই। ইণ্ডো-ইৰাণী আৰ্য্যধৰ্মই আন দেৱ- দেবীৰ সেৱাক ছৈতানৰ কাম বুলি নিন্দা কৰিছে; সেইদৰে জগতৰ সদৌ সত্য ধৰ্মই এই ব্যভিচাৰী ধৰ্মক নেওচা দিছে। এক- ঈশ্বৰৰ সেৱাৰ ঠাইত বহু-ঈশ্বৰক বহুওৱা কথা এক পত্নীয়ে বহু-পতি ভজাৰ লগত সকলো ধৰ্ম্মই ৰিজাইছে ( আইডলেট্ৰি বা এডল্টাৰি)। কিন্তু যিবিলাকে নিজ পত্নীৰ ব্যভিচাৰো জীণ্ নিয়াবলৈ সাজু , সেইবোৰে ধৰ্ম্মৰ ব্যভিচাৰ সমৰ্থন কৰিব তাত বিচিত্ৰতা কি?
“কৰ্মত বিশ্বাস যাৰ হিয়াত থাকন্তে হৰি
অতিশয় দূৰ হোন্ত তাৰ।
দূৰতো বিদূৰ হোন্ত তাৰ।
অহঙ্কাৰ থাকন্তেয়ো সাক্ষাতে কৃষ্ণক পাৱে
শ্ৰৱণ কীৰ্ত্তন ধৰ্ম্ম যাৰ।”
বৈষ্ণৱে সকলোতে বিষ্ণুৰ প্ৰকাশ দেখি মান্য কৰে, কিন্তু নিশ্চয় বিষ্ণু বা পৰব্ৰহ্মৰ প্ৰাপ্য আসনত সাপ-বেঙ, গছ-শিল আটাইকে নবহুৱায়; এয়ে প্ৰভেদ। সেই অখণ্ড পৰম পুৰুষৰ খণ্ড প্ৰকাশ ভাবি