এৱে শুনা ভাগৱতী ধৰ্ম যেন মত।
চিত্ত-শোধনৰ অৰ্থে ভ্ৰমিব তীৰ্থত॥
পাছে গুৰুমুখে উপদেশক ধৰিব।
নৱবিধ ভক্তি ঈশ্বৰতে আচৰিব॥৫১৯॥
ঈশ্বৰৰ যেন ৰূপ গুৰু-মুখে জানি।
কৰিব মানসী পূজা হৃদয়তে আনি॥
সুগন্ধ তৈলক মনে ঘসিয়া গাৱত।
কৰাইবে মনত স্নান পৱিত্ৰ জলত॥ ৫২৩॥
এহি মতে নিতে নিতে মনত পূজিয়া।
কিছু কিছু কৰি পাছে বিষয় তেজিয়া॥
শ্ৰৱণ কীৰ্ত্তন শ্ৰদ্ধা নোহয় যাৱত।
ঈশ্বৰৰ মূৰ্ত্তি নেদেখয় সমস্তত॥৫২৮॥
তাৱদেকে নিতে নিতে কৰিব অৰ্চ্চন।
নিগুণা ভক্তিৰ এহি কহিলোঁ সাধন॥
শ্ৰৱণে কীৰ্ত্তনে ৰতি হোৱে যি কালত।
দেখয় হৰিৰ ৰূপ সমস্ত লোকত॥৫২৯॥
কুকুৰ চণ্ডাল গৰ্দ্দভকো আদি কৰি।
অন্তৰ্য্যামীৰূপে জগততে আছে হৰি॥
হেন জানি সমস্তকে প্ৰণাম কৰিব।
মন্ত্ৰৰূপে ঈশ্বৰৰ মূৰ্ত্তিক পূজিব॥৫৩১॥
স্থাৱৰ জঙ্গম সৃষ্টি আছে যত যত।
সমস্ততে হৰি-মূৰ্ত্তি দেখে যি কালত॥
শ্ৰৱণে কীৰ্ত্তনে আসকতি নোহে যাৱে।
মন্ত্ৰ মূৰ্ত্তি ঈশ্বৰক পূজিৱেক তাৱে॥৫৩২॥
তেজিবেক পূজা তেৱে কৰিয়া নিশ্চয়।
কহিলোঁহো নিৰ্গুণা ভক্তিৰ যেন নয়॥৫৩৩॥
পৃষ্ঠা:Yugnayak Sankardeva.djvu/২৩৩
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২২৫
গুৰু-চৰিতৰ পােহৰত মূৰ্ত্তি-বিচাৰ