পৃষ্ঠা:Yugnayak Sankardeva.djvu/২৩২

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২২৪
যুগনায়ক শঙ্কৰদেৱ

এই জীৱন্ত বৰ্ণনাৰ পাছত কৰলা বাঢ়ৈৰ হতুৱা মদন-গোপাল মূৰ্তি সজোৱা বা প্ৰতিষ্ঠা কৰোৱাৰ তাৎপৰ্য্য আৰু কব লাগিবনে? দ্বিজ ৰামানন্দৰ মতে এই চক্ৰেটীছীয় তৰ্কবাদৰ সামৰণিতঃ

“সম্বোধি বুলিবে লৈলা শ্ৰীমন্ত শঙ্কৰ॥৬৪৪।
সাৱধান চিত্তে সভাসদ শুনিয়োক।
আজি ধৰি অন্য দেৱ-পূজা এড়িয়োক॥৬৪৫।
শুনি ব্ৰহ্মানন্দ ভট্টাচাৰ্য্য প্ৰথমত।
সাত বাৰ প্ৰণমিলা পাড়ি দণ্ডৱৎ॥ ৬৪৭।
অনন্তৰে শঙ্কৰক কৰি নমস্কাৰ।
বসিলা সভাত থান লৈয়া আপোনাৰ॥ ৬৪৯।

শঙ্কৰদেৱৰ ভক্তিপন্থাৰ ভিতৰত তীৰ্থ-মূৰ্তিৰ স্থান নাই নিশ্চয়; কিন্তু এই ভক্তি-ধৰ্মত সোমাবলৈ পাত্ৰতা( উপযুক্ততা) লাভ কৰাৰ আগতে চিত্ত-শোধন ( স্থিৰতা) লাভৰ বাবে তীৰ্থ-ভ্ৰমণ হৰি-মূৰ্তিৰ অৰ্চনা আদি সৰ্বসাধাৰণৰ ভিতৰত কেতিয়াবা হব পাৰে; ভক্তি-ধৰ্মৰ চাৰি সীমাৰ ভিতৰত নপৰা বাবে তাৰ বিৰুদ্ধে শঙ্কৰদেৱৰ বিধিও নাই, নিষেধও নাই। কিন্তু ভক্তি-ধৰ্মত সোমাৱাৰ পাছত, “ধ্যান-বৰ্ণন”ত নিৰ্দেশ কৰাৰ দৰে, অৰ্চন পদসেৱন আদি কেৱল মানসিকতে হব লাগিব। শঙ্কৰ-মাধৱৰ প্ৰথম মিলনৰ সামৰণিত শঙ্কৰদেৱে মাধৱদেৱক এনে নিৰ্দেশ দিয়া বুলি ৰামানন্দই বৰ্ণাইছেঃ

“কহিলোহোঁ পূজাৰ দীক্ষিত যেন মত।
আছয় ইসৱ কথা তন্ত্ৰ আগমত॥ ৫১৭।
কলিযুগে পূৰ্ণ হুয়া কৃষ্ণ অৱতাৰ।
দীক্ষা মন্ত্ৰ তন্ত্ৰ সৱে কৰিলা নিবাৰ।
কলিৰ লোকক কৃপা কৰি দয়াময়।
প্ৰবৰ্তাইলা শ্ৰৱণ-কীৰ্ত্তন ধৰ্মচয়॥ ৫১৮।