পাছে শুভক্ষণ চাই শঙ্কৰে দিনেক।
সমস্ত লোকক মাতি আনিল প্ৰত্যেক॥ ২৩০৩।
ভৈলন্ত সন্তোষ বিপ্ৰগণ নিৰন্তৰ।
প্ৰীতি পূৰ্বকৰে পাছে পুছিল শঙ্কৰ॥
শুনিয়োক বিপ্ৰসৱ পুছোঁ এক কথা।
সমুচিত ৰূপে তাক কহিবাঁ সৰ্বথা॥২৩০৫।
ঈশ্বৰৰ মূৰ্তি ইটো হোৱে নুহিকয়।
আঙ্ক সেৱা কৰি গতি পাৱে নপাৱয়॥
হেন শুনি কহিলন্ত বিপ্ৰ নিৰন্তৰে।
পূৰ্বে কথা কহিলন্ত আপুনি ঈশ্বৰে॥ ২৩০৬।
যতেক মৃত্তিকাময় যত শিলাময়।
যত জলময় ইটো তীৰ্থ দেৱ হয়॥
কিন্তু শুদ্ধ কৰে চিৰকালে সেৱে যেৱে।
দৰশন মাত্ৰে শুদ্ধ কৰে সাধুসৱে॥ ২৩০৭।
দেৱতো তীৰ্থতো কৰি শুদ্ধ হোৱে নৰ।
সাধু দেৱে তীৰ্থে জানা অনেক অন্তৰ॥
পুছিলা শঙ্কৰদেৱে পুনু তাসম্বাক।
কোৱাঁ বিপ্ৰ সৱ সাধু বোলাহা কাহাক॥ ২৩০৮।
জানা যিটো জনে হৰি ভকতি কৰয়।
তাসম্বাক সাধু বুলি কহে বিপ্ৰচয়॥
পুছিলা শঙ্কৰদেৱে তাসম্বাক তেৱে।
দেৱতো তীৰ্থতো শ্ৰেষ্ঠ হোৱে সাধু যেৱে॥২৩০৯।
হেনয় সাধুক নিন্দা কৰে যিটো নৰে।
কৈয়ো তাৰ কেন গতি হুইব অনন্তৰে॥
কৈল বিপ্ৰসৱে সিটো যাইবে অধোগতি॥ ২৩১০।
উচ্চ কৰি সমজ্যাত হৰি বোলাইলন্ত।
সভা বিসৰ্জিয়া পাছে গৃহক গৈলন্ত॥২৩১৩।
পৃষ্ঠা:Yugnayak Sankardeva.djvu/২৩১
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২২৩
গুৰু-চৰিতৰ পোহৰত মূৰ্ত্তি-বিচাৰ