শুনিয়া ব্ৰাহ্মণসৱ নমাতি ৰহিল আৰ
শঙ্কৰদেৱৰ বাণী শুনি॥” ২২৮৭।
বিৰোধী বামুণবিলাকৰ নিজ মুখে একশৰণ তথা কৃষ্ণ-মাহাত্ম্য আৰু নাম-মাহাত্ম্য স্বীকাৰ কৰোৱাৰ পাছত ভক্ত-মাহাত্ম্য তথা (এই সকলোৰে সমষ্টিৰূপে ) শঙ্কৰদেৱৰ গুৰু-মাহাত্ম্য (অৰ্থাৎ গুৰু-দেৱ- নাম-ভকত এই চাৰি বস্তু) স্বীকাৰ কৰাবৰ বাবে এইবাৰ তাৰ লগে লগেই গুৰুজনাই উপায় চিন্তিলে। প্ৰথমবাৰ প্ৰকাশ্য সভাত নিজ মুখে পৰাস্ত হৈ যোৱা বিৰোধীবোৰে দ্বিতীয়বাৰ বাদলৈ মাতিলে আহিব কিয়? গতিকে কৰলা বাঢ়ৈলৈ আদেশঃ
“কৰলা বাঢ়ৈক মাতি আনিলা শঙ্কৰ।
সাঁঁজা জগন্নাথৰ প্ৰতিমা ৰুচিকৰ॥ ২২৯৫।
দেখা কেন উপায় শঙ্কৰে কৰিলন্ত।
লোক সৱ বৰাইবে প্ৰতিমা সজাইলন্ত॥ ২২৯৮।
নযাইবো আমসৱ বুলি বিপ্ৰগণ।
এহি মতে অন্যো অন্যে কৰে আলোচন॥ ২২৯৯।
এহি কথা শঙ্কৰদেৱে যেন শুনিলন্ত।
কৰিল উপায় এক তেখনে মনত॥ ২৩০০।
লোভাবিষ্ট বিপ্ৰসৱ আহিবে নাম শুনি।
মাতিল মাত্ৰকে সৱে আসিব আপুনি॥
এহি বুলি লোকত শুনায়া আলোচন্ত।
কাক কিবা দিবা ৰাময়ত পুছন্ত॥ ২৩০১।
আচাৰ্য কন্দলী মিশ্ৰ উপাধ্যা ভাৰতী।
কাকো সোণা ভোলা আধা ভোলা কাকো প্ৰতি
কাকো এক মহা কাকো দেঢ় মহা দিবোঁ।
এহিমতে ব্ৰাহ্মণক সম্মান কৰিবে॥২৩০২।
এহি কথা লোকে গৈয়া তাৰাত হয়।
শুনি উল্লাসিত আতি যত বিপ্ৰচয়॥