হেন পাষণ্ডক মই কৰিলোঁ আলাপ।
এতেকে সিজিল মোত আমোচন পাপ॥৮৯।
হঠাতে দেখিলোঁ মহা পাতকী দুৰ্ঘোৰ।
ভৈল মহা অপৱিত্ৰ তনু-মন মোৰ॥
তাক শুদ্ধ কৰিবাক মোৰ মহা যত্ন।
এক চিন্তে জপোঁ ৰাম-কৃষ্ণ মহামন্ত্ৰ॥ ৯।
ইৰাণত অন্য দেৱ-সেৱকৰ বিৰুদ্ধে এই নিন্দাবাদ জৰথুস্ত্ৰৰ বহু আগৰ কালৰ পৰাই চলি অহা বুলি কয়; জৰথুস্ত্ৰই তাক দূৰ কৰাত প্ৰথমে কৃতকাৰ্য্য হয়। বৌদ্ধ বা জৈন ধৰ্মৰ দৰে মানুহৰ চৰিত্ৰ- উন্নয়নত এই ধৰ্মৰ প্ৰভাৱ ইমান কাৰ্যকৰী হৈছিল, আৰু শাস্ত্ৰৰ অনুশাসন আৰু সমাজ-ব্যৱস্থা এনে কাজুৱা আছিল, যে প্ৰায় বৰ্তমান কাললৈকে জৰথুস্ত্ৰ ধৰ্মী সমাজত গণিকা-বৃত্তিৰ নাম-গোন্ধ নাছিল; ভিক্ষা কৰা পাপ বুলি এই ধৰ্মই বিবেচনা কৰা বাবে তাত মগনিয়াৰৰ লেশ নাছিল। যস্ন( যজ্ঞ ) আৰম্ভ কৰাৰ আগতে ধৰ্মৰ ঋত্বিক আৰু যজমানে সত্য ভাষণৰ প্ৰতিজ্ঞা গ্ৰহণ কৰে; যিহেতুকে জ্ঞানে বা অজ্ঞানে অসত্য বচন নিষিদ্ধ, আৰু যিহেতুকে কোনো মানুহে নিজ পিতা আৰু নিজ জাতিৰ প্ৰত্যক্ষ প্ৰমাণ দিব নোৱাৰে, সেই হেতুকে তেওঁলোকে নিজ গোত্ৰ-প্ৰবৰ বা পিতাৰ নাম পৰ্য্যন্ত নকৈ কেৱল “যে যজামহে” ( আমি যিবিলাকে যজ্ঞ কৰিছোঁ) এনেদৰে আত্ম-পৰিচয় দি যজ্ঞ কৰাৰ ৰীতি জৰথুস্ত্ৰবিলাকে পালন কৰে।
আবেস্তাৰ ধৰ্ম-তত্ত্বও অসমৰ বৈষ্ণৱ ধৰ্মতত্ত্বৰ লগত একে শাৰীৰ; যেনে, “নিজিনিয়া শৰীৰৰ শত্ৰুচয়। জিনিলোঁ দশোদশ কোনে কয়॥” (শঙ্কৰদেৱ)। “যি নিজক জয় কৰিব পৰা নাই, সি একো জয় কৰিব নোৱাৰে।” (মাইনো-ই-খেৰাদ্): “ভকতৰ ভয় আছে কৈত?” (শঙ্কৰদেৱ ); ‘সত্য-নিষ্ঠ লোকৰ কেতিয়াও কোনো অনিষ্ট হব নোৱাৰে। (যস্ন,২৯৷৫):“ন মে ভক্তঃ প্ৰণশ্যতি।” “ঘোষা”ত কৈছে,