এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২২০
যুগনায়ক শঙ্কৰদেৱ
কলিত কীৰ্ত্তন কৰি অনায়াসে
পাপীয়ে সংসাৰ তৰে॥২২৭৭।
এহি কথা কহি কন্দলী হৰিষে
নমাতি যেৱে আছন্ত।
সভাৰ মাজতে ব্যাস কলাই
ততকালে উঠিলন্ত॥
উৰ্দ্ধ বাহু কৰি বোলন্ত শুনিয়ো
সভাসদ লোক যত।
ৰত্নাকৰ কন্দ- লীয়ে কহিলন্ত
শাস্ত্ৰৰ পৰম তত্ত্ব॥ ২২৭৮।
কলি যুগে হৰি নামত বিনাই
ধৰ্ম নাহি নাহি আৰ।
এহি তত্ত্ব জানি সমস্যাৰ লোকে
হৰি বোলাঁ বাৰম্বাৰ॥ ২২৭৯।
শঙ্কৰৰ মত ৰহিল সমস্ত,
লোকে জানিলন্ত সাৰ।
হৰি নাম বিনে ধৰ্ম নাহি জানি
হৰি বোলা বাৰম্বাৰ॥” ২২৮০।
ছক্ৰেটিছীয় এই তৰ্ক-পদ্ধতিত জয়ী হৈ তাৰ সিদ্ধান্তমূলক দ্বিতীয় প্ৰশ্ন বিভিন্ন খাপত শঙ্কৰদেৱে দাঙি ধৰিলে আৰু বামুণবিলাকে তাৰ যথাযথ উত্তৰ দিলেঃ
“কহিয়োক হেন হৰি- নামক যিজনে নিন্দে
কেমনে মানি সিজনক।”
কহিলন্ত ব্ৰহ্মানন্দে “যিজনে নামক নিন্দে,
জানা সিটো চাণ্ডাল অধিক॥ ২২৮১।