চৌবিশ
“গুৰু-চৰিত"ৰ পোহৰত মুৰ্ত্তি বিচাৰ
'হুলেৰে হুল কঢ়া’ নীতিৰে বহু দেৱ-দেৱীৰ মূৰ্ত্তি-পূজা গুচাবলৈ প্ৰথম অৱস্থাত এক বিষ্ণুৰ মূৰ্ত্তি-উপাসনা গুৰুজনাই নিন্দা নকৰা বুলি গুৰু-চৰিতবোৰৰ পৰা বুজিব পাৰি; কিন্তু সি ভিতৰৰ হুল কঢ়া বাহিৰৰ হুল, তাৰ বিধান এই ধৰ্মত ক’তো নাই।
“এহি মতে যেৱে বাসা ঘৰক সাজিল।
আলি পুখুৰীৰ লোক সমস্তে আসিল॥ ১৬১৪।
শঙ্কৰে কীৰ্ত্তন ঘৰ সাজিবাক গৈল।
ভিঠি বান্ধিবাক লাগি সমস্তে আসিল॥
আপুনি শঙ্কৰে পাছে কোৰক ধৰিলা
পৃথিবীত চতুৰ্ভুজ মূৰ্ত্তিক দেখিলা। ১৬১৫।
শিলৰ প্ৰতিমা গাৱ কালা অতিশয়।
চিকমিক কবে গাৱ অধিক শোভয়॥১৬১৬।
ৰাম ৰাম গুৰুৰ আগত কৱে কথা।
দেখা দেখা মোহোক হৰিৰ কেনে বেথা। ১৬১৭।
পূজিবোঁ ঈশ্বৰ ঐত সিদ্ধি হৈব কাম।
দেৱী পূজা এড়ি সৱে লৈব কৃষ্ণ নাম॥১৬১৮।
গতিকে ইয়াত গুৰুজনাৰ “কাম”—“দেৱী পূজা এড়ি সৱে লৈব কৃষ্ণ নাম।” নান্যঃ। ৰামচৰণে বৰ্ণোৱা আৰু বহুতে গুৰুজনাৰ ধৰ্মমতৰ অপযশ প্ৰচাৰৰ বাবে মূলধন ৰূপে অপব্যৱহাৰ কৰা ঘটনা, কৰলা বাঢ়ৈৰ হতুৱা সজোৱা মদন-গোপাল মূৰ্ত্তি প্ৰতিষ্ঠাৰ বাবে বামুণক দক্ষিণা দিয়া। প্ৰসঙ্গ-বৰ্জিত বিচাৰ সদায় অবিচাৰ, অন্যায়; গতিকে ইয়াত অতি চুম্বকভাৱে প্ৰসঙ্গক্ৰমে তাৰ আগ-গুৰিৰ উল্লেখৰ প্ৰয়োজন।