পৃষ্ঠা:Yugnayak Sankardeva.djvu/২২

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৪
যুগনায়ক শঙ্কৰদেৱ

যে তাৰ প্ৰমাণৰূপে সেই ধৰ্মৰ ঘাই মত “জি মজ্ দাওন্ হোদুম্’’ ( অকল পৰমেশ্বৰ মজদাৰ সেৱা কৰিবাঁ), “তোই দএবিং দান যা দ্ৰেগৱতো দএনা” (দেৱ-সেৱা পাষণ্ডৰ ধৰ্ম; পৃথিবীৰ অত্যাচাৰী- বোৰেহে দেৱ-সেৱা কৰে)। অসমৰ বৈষ্ণৱ ধৰ্মশাস্ত্ৰবোৰতো অন্য দেৱ-সেৱকৰ বিৰুদ্ধে এনে তীব্ৰ নিন্দাবাদ আছে; বৈষ্ণৱ কবি সাৰ্বভৌম ভট্টাচাৰ্য্য়ই নিজকে তিৰস্কাৰ কৰি কৈছে, “দেৱী উপাসক আছিলোঁহো দুৰাচাৰ।” গৰুড়-পুৰাণৰ সাৰ কাঢ়ি লিখা শঙ্কৰদেৱৰ “ভক্তি-প্ৰদীপ”ত অৰ্জুনক দিয়া ধৰ্ম-শিক্ষা-প্ৰসঙ্গত কৃষ্ণই কৈছে—

“অনাচাৰ কৰি অপৰাধী মোৰ নুহি।
আনদেৱ পূজে যিটো সেই মোৰ দ্ৰোহী॥ ৩৫।
যিটো মহা ম্লেচ্ছে খায় কুকুৰক মাৰি।
তাতো কৰি অপবিত্ৰ সিটো অহঙ্কাৰী॥” ৩৬।

 তেনে অন্য-দেৱ পূজক বামুণক দেখি এজনী চাণ্ডালিনী প্ৰায়শ্চিত্ত হোৱা দেখি নাৰদে সুধিছে আৰু চাণ্ডালিনীয়ে উত্তৰ দিছে—

“যি কথা কহলি ইটো অদভূত আতি।
পৰম অশুদ্ধ তই চাণ্ডালিনী জাতি॥ ৩৬।
অন্ত্যজতো অন্ত্যজ নাহিকে তোক সম।
তোহোৰ অস্পৃশ্য আছে কোননো অধম।
তোকো অপৱিত্ৰ কৰে কোননো পামৰে।
শুনিবে উৎসুকে আছোঁ কহিয়ো সত্বৰে॥ ৮৬।”
“কৃষ্ণেসে পৰম দেৱ সংসাৰতে সাৰ।
পাতকীয়ো তৰে নাম মাত্ৰ লৈলে যাৰ॥
তাঙ্ক এৰি যিটো আন দেৱতাক পূজে।
পশুতো অধম সিটো একোকে নুবুজে॥ ৮৮।
কুকুৰকো খায় যিটো মহা ম্লেচ্ছ জাতি।
তাতো কৰি অপবিত্ৰ সিটো মহা আতি॥