এহি বুলি শঙ্কৰদেৱক পঠাই দিল।
পথত যাহন্তে লাগ ব্রাহ্মণে ধৰিল ।।
আমাসাৰ জীৱিকা ৰাজাত কহি পুনু।
ভয় ভৈল শঙ্কৰে বিৰিজ কৰে যুনু।। ৮০৭।
এহি বুলি শঙ্কৰৰ আগত ব্রাহ্মণ।
দুই হাতে নগুণ ধৰি বােলয় বচন।। ৮০৮।
ব্রাহ্মণৰ জীৱিকাৰ নকৰিবা ছন্ন।
প্রীতিপূর্বকে বােলোঁ সাকুত বচন।।” ৮০৯। দৈত্যাৰি
এনে ঘটনাৰ টীকা-ভাষ্যৰ আৱশ্যক নাই। ইয়াৰ বাহিৰে শিষ্যসকলক শঙ্কৰদেৱে কেনেভাৱে চলিবলৈ দিছিল সেই প্রসঙ্গত অন্ততঃ ব্যাস-কলাইৰ কাহিনী আমি মনত ৰাখিব লাগিবঃ
“আৰো এক কথা কহোঁ তাক শুনিয়ােক।
যেখন আসম ৰাজ্য হন্তে আসিলেক॥ ৬৭২।
বিয়াসকলাই বিপ্ৰ লগতে আসয়।
নাপৰা পড়িল এক তাহান তনয়॥ ৬৭৩।
এহি মতে তিনি পুত্র তাহান মৰিল।। ৬৭৪।
পাছে আসি পাইল যেৱে কামৰূপ থান।
নাপৰা পড়িল আৰো এক পুত্র তান।
সৱে ইষ্ট-কুটুম্বে আলােচ কৰিলেক।
চপড়াত গৈয়া বড় দেৱ পূজিবেক ॥ ৬৭৫।
এহি কথা বিয়াসকলাইত কহিলক।
দিলে অনুমতি মহেশক পূজিবেক।। ৬৭৬।
পুত্ৰক জীবাৰ হেতু হৰক পূজিল।
তথাপিতো সিয়াে পুত্র তাহাৰ মৰিল।।
কতো দিন অনন্তৰে বিয়াসকলাই।
শঙ্কৰদেৱৰ থানে গৈলেক দুনাই॥ ৬৭৭।