পৃষ্ঠা:Yugnayak Sankardeva.djvu/২১৪

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
২০৬
যুগনায়ক শঙ্কৰদেৱ

এঠাইত কৈছে, ‘তীৰ্থ-স্নান’ কৰিলেই স্বৰ্গ পোৱা হলে ভেকুলিবোৰেই আটাইতকৈ আগতে স্বৰ্গলাভ কৰিলেহেতেন! গতিকে যিবোৰে তীৰ্থ-স্নানত বিশ্বাস কৰে সেইবোৰো ভেকুলীৰ দৰে, দুনাই দুনাই হীন যোনীত জন্মেহি। আন দেৱী-দেৱ সেৱা কৰা সম্পৰ্কেও কৈছে, তোমাৰ পতি এজন 'উপপতি, বহুত; এতিয়া কোৱাঁ‌চোন, তোমাৰ দেহটো নো কাৰ শৱৰ লগত পুৰিবাঁ‌? বাইবোলতো এই কথা কৈছে-‘তিৰুতা আছিল এজনী, গিৰিয়েক লৈছিল ছয়টা; পুনৰুত্থানৰ দিনা বাৰু তাই কোনটোৰ কাষত ঠিয় হব?'