পৃষ্ঠা:Yugnayak Sankardeva.djvu/২১১

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
২০৩
অবৈষ্ণৱ ব্যাখ্যাৰ বিৰুদ্ধে সাৱধান

যেনেকৈ সুকীয়া সমতল; সান্ত-অনন্ত, সসীম-অসীম, তেনেকৈয়ে তুলনীয় বিষয় হব নোৱাৰে। “তৎ একং সৎ বিপ্ৰাঃ বহুধা বদন্তি”; ইয়াৰ এনে অৰ্থ হব পাৰিলহেতেন, যেন একে ঈশ্বৰক মানুহে মজ্‌দা, আল্লা, গড্‌ আদি নামেৰে মাতে; কিন্তু অগ্নি, সূৰ্য্য বা বায়ু- বৰুণক ঈশ্বৰ বোলা যেনে, ধান এটাক খেতিয়ক বা মেজখনক বাঢ়ৈ বোলাও তেনে, এইবাবেই জগতৰ সকলো সৎ ধৰ্মৰ দৰে শঙ্কৰদেৱৰ ধৰ্মতো অন্য দেৱী-দেৱৰ সেৱা স্পষ্টৰূপে আৰু তীব্ৰভাৱে নিন্দা কৰিছে।

“অন্য দেৱী দেৱ নকৰিবা সেৱ
 গৃহো নপশিবাঁ‌ তাৰ।
মূৰ্তিকো নচাইবাঁ‌ প্ৰসাদো নখাইবাঁ‌,
 ভক্তি হুইবে ব্যভিচাৰ।”
“কৃষ্ণৰ গৃহৰ দ্বাৰে বেত্ৰৰ প্ৰহাৰ যোগ্য
 ইন্দ্ৰ আদি যত দেৱজাক।”

এনে স্পষ্ট কথাৰে আউল লগোৱা কুতাৰ্কিক লোকৰ পাপৰ ভাৰ যে পৃথিবীয়ে বহন কৰিছে, ইহে অনুতাপৰ কথা। ইয়াত বোলে অন্য দেৱী দেৱ, নকৰিবা সেৱ” মানে “অন্য দেৱীদেৱ কৰিবাহাঁ‌ সেৱ” এনে ভাবহে লুকাই আছে, যিহেতুকে দেৱ-দেৱীবোৰে ঈশ্বৰৰে অংশ ইত্যাদি। কিন্তু এনে প্ৰাণীৰ বিষয়ে বিশেষ নকলেও হব যিহেতুকে নিজ পত্নীয়েও পতিৰ অভিন্ন ভাবৰ লোকক পতি-ভাব কৰাক এওঁলোকে ব্যভিচাৰ-দোষ বুলি নধৰে! আকৌ,

“শৃঙ্গাৰ ৰসে যাৰ আছে ৰতি।
আক শুনি হোক নিৰ্মল মতি।”

ইয়াতো হেনো শৃঙ্গাৰ-ৰসৰ আস্বাদ লাভলৈহে আৱাহন জনোৱা হৈছে। পাণ্ডু-ৰোগীয়ে জগতখনকে হালধীয়া দেখে নিশ্চয়! “আপোন দোষে মৰে বিবাটৰ ভাই। ডাক দিয়ে কৃষ্ণে মোত কিছু দোষ নাই॥” দেইদৰেই—