মূলক আৰু ধৰ্মমূলক এনে দুজপীয়া প্ৰমাণৰ পৰা এই দুই ভাষাৰ ভাষী
আৰু ধৰ্মৰ ধৰ্মীবিলাক আদিতে অন্ততঃ ঋক্ বেদৰ কাললৈকে যে একে
ভাষাগোষ্ঠী আৰু ধৰ্মগোষ্ঠীৰ লোক আছিল এই কথা অস্বীকাৰ কৰিবৰ
একো উপায় নাই। আৱেস্তাৰ গাথা ছোৱাতে জৰথুস্ত্ৰৰ বাণী আৰু
তেওঁৰ নিজৰ ৰচিত স্তুতিও লিপিবদ্ধ আছে; পিছৰ ছোৱাবোৰত
তেওঁৰ পৰবৰ্তী প্ৰচাৰকবিলাকৰ উক্তিয়েই ঘাই। ৰজা দাৰয় বহুশ্বেৰ
(দৰিয়ুস, খৃঃ পূঃ ৫২১-৪৮৫) ৰাজত্বকালত ই ৰাজধৰ্ম আছিল, আৰু
সিঁচৰিত হৈ থকা আৱেস্তাৰ অংশবোৰ ধৰ্মৰ কিছুমান পুৰোহিত আৰু
পণ্ডিতৰ হতুৱাই এওঁ একত্ৰিত কৰায়। তাৰ পাছত একুৰি এক খণ্ডত
বিভক্ত এই আৱেস্তা সোণৰ আখৰেৰে লিখাই পাৰ্ছিপোলিছৰ
ৰাজকীয় পুথিশালত যত্নেৰে সংৰক্ষিত কৰে। কিন্তু খৃষ্টপূৰ্ব ৩৩০ ত একিমিনীয় যুগত (খৃঃ পূঃ ৫৫০-৩৩০ ) পাৰস্য আক্ৰমণকাৰী
আলেকজেণ্ডাৰে সেই পাৰ্ছিপোলিছ পুথিশালত জুই দিলে আৰু তাৰ
লগত সোণৰ আখৰেৰে লিখা আৱেস্তা ধৰ্মশাস্ত্ৰও পুৰি ছাই হল।
তাৰ পাছত পাৰ্থিয়াৰ ৰজা ইৰাণ্ সম্ৰাট প্ৰথম বলখাচৰ ৰাজত্ব-
কালত (খৃঃ ৫১-৭৭) আৱেস্তাৰ পুনৰ্সঙ্কলন কাৰ্য্য় আৰম্ভ হয় আৰু
ছাছানীয় ফৈদৰ (খৃঃ পূঃ ৩৩০-৬৫২ খৃঃ) ৰজা দ্বিতীয় শ্বাহপুৰৰ ৰাজত্বত
(খৃঃ ৩০৯-৭৯) সম্পূৰ্ণ হয়। ৰজা কুৰুশ্ (খৃঃ পূঃ ৫৫৮-৫২৯) এই ধৰ্মৰ
অন্যতম পৃষ্ঠপোষক, আৰু দৰিয়ুছৰ দৰে এওঁৰ শিলালিপিতো “অহুৰ
মজদাৰ” কৃপাৰ উল্লেখ আছে।
বেদত “অসুৰ” শব্দৰ অৰ্থ “অসূন্ প্ৰাণান্ ৰাতি দদাতি” ( যি প্ৰাণ দান কৰে); মেক্ডনেলৰ মতে ঋক্ বেদত “অসুৰ” মানে দেৱতা, আৱেন্তাতো “অহুৰ” (অসুৰ) মানে দেৱতা। কিন্তু বেদত “দেৱ” মানে দেৱতা; আৱেস্তাত “দএব” (দেৱ) মানে কুগ্ৰহ, অপদেৱতা। অসমীয়া “দেৱ” শব্দও ঠিক এই কুগ্ৰহ বা অপদেৱতা অৰ্থত ব্যৱহৃত হয়; যেনে, “দেৱ-ভূতে পালে এৰাব পাৰি। মানুহ-ভূতে পালে এৰাব নোৱাৰি।” জৰথুস্ত্ৰ ধৰ্ম “দএব যস্মি’’ৰ (দেৱ-উপাসনাৰ) তীব্ৰ বিৰোধী