পৃষ্ঠা:Yugnayak Sankardeva.djvu/২০৯

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
২০১
অবৈষ্ণৱ ব্যাখ্যাৰ বিৰুদ্ধে সাবধান

“তুমি সত্য ব্ৰহ্ম  তোমাত প্ৰকাশে
 জগত ইটো অসন্ত।
জগতত পুনু  তুমিও প্ৰকাশাঁ
 অন্তৰ্য্যামী ভগৱন্ত॥”

 বুদ্ধি নিতান্ত স্থূল নহলে ইয়াৰ “সত্য”, “অসত্য” আদি শব্দৰ অৰ্থ লৈ আওকাণ কৰিব নোৱাৰি। অৱশ্যে উপনিষদৰ আত্ম-তত্ত্ব বা ব্ৰহ্মতত্ত্ব বুজিবলৈ বেদৰ মন্ত্ৰকৰ্ত্তা ঋষিবিলাকে, নিজ পো-নাতিৰ কালতো দলে দলে গৈ জনক প্ৰবাহন আদি ক্ষত্ৰিয় ৰজাৰ পদ-প্ৰান্তত আশ্ৰয় লব লগা হৈছিল, সন্দেহ নাই। উপনিষদৰ কথালৈ নগৈও, ছক্ৰেটিছ, প্লেটো প্ৰভৃতিৰ “সৎ” ৰূপৰ ধাৰণা অলপ তাকৰ আয়াসতে আয়ত্ত কৰিব পৰা হয়; আত্মিক বা মানসিক জগতত থকা “ঘোৰা” “গৰু” আদিৰ “ৰূপে”হে কেনেকৈ এই ভৌতিক জগতৰ 'ঘোৰা' ‘গৰু’ আদি চিনাত আমাক বাট দেখুৱায়, প্লেটোই তাক সুন্দৰকৈ বুজাই দিছে। মন ইন্দ্ৰিয় জাতীয় বা জড় আৰু চৈতন্যৰ মাজৰ বুলিয়ে যে আমি তাত “সৎ” ৰূপৰ ধাৰণা কৰিব নোৱাৰোঁ, এই স্থূল বুদ্ধিৰ তৰ্ক সত্য নহয়।

 অৰ্থনৈতিক ‘বনাম্‌’ ধৰ্মনৈতিক চাৰি বেদৰ স্তৱ-মন্ত্ৰ আদিৰ আভাস আগত দি অহা হৈছে; স্বৰূপতে চাৰি বেদ আদিম মানৱৰ আদিম অনুভূতি প্ৰকাশ মাত্ৰ। মানৱ-মস্তিস্ক তেতিয়াও স্থূলৰ পৰা সূক্ষ্মলৈ উন্নীত হোৱা চেষ্টাত আছিল; “নিমি-নৱসিদ্ধ” আদি নানা পুথিত আছেঃ

“যি মত গহন কৰ্ম শুনা পৰিচ্ছেদ।
শিক্ষা দেয় মূঢ়ক পৰোক্ষবাদে বেদ॥
স্বৰ্গ সুখ আদি লোভ লগাই প্ৰথমত।
প্ৰৱৰ্ত্তান্ত অজ্ঞানীক সকাম কৰ্মত॥
ভুঞ্জিবো নিৰ্দিষ্ট মুখ লভিয়া স্বৰ্গক।
হেনয় কামনা কৰি আছে ঈশ্বৰক॥