“নুপুজে ভক্তক মান্য নকৰে প্ৰাণীক।
একে প্ৰতিমাত মাত্ৰ আৰাধি হৰিক॥
সেইজন জানিবাহা প্ৰাকৃত ভকত।
আৰূঢ় হৈয়াছে তেহোঁ ভক্তিৰ পথত॥” নিঃ নঃ সিঃ
এনে পদক প্ৰতিম-পূজাৰ সমৰ্থক বুলি ভাবিলে নিৰ্বুদ্ধিতাৰ বা ‘জুৱাচুৰি' বুদ্ধিৰ পৰিচয় দিয়া হয়। খোৰা লৰাই কিহবাত ধৰি খোজ কাঢ়িবলৈ যত্ন কৰিলে বা মূৰ্খ ছাত্ৰই একাধিক বাৰ বিফল হৈও সফল হবৰ যত্ন কৰিলে তাত যেনেকৈ সেই সেই উদ্দেশ্যৰহে শলাগ (পুতৌ ) লোৱা হয়, খোৰা বা মুৰ্খ হোৱাৰ প্ৰশংসা কৰা নহয়, প্ৰতিমা বা মূৰ্ত্তি-পূজাৰ যোগে ঈশ্বৰক পাবৰ যত্নও তেনে শাৰীৰিক বা মানসিক পঙ্গু লোকৰ 'অগতিৰ গতি'ৰ বুলিহে পুতৌ, পঙ্গুতাৰ বাবে প্ৰশংসা হব নোৱাৰে।
“কৃষ্ণৰ মূৰ্ত্তিক যিটো নেদেখে অধম।
তাৰ চক্ষু সম্যকে মৈৰাৰ চঁকা সম॥
কৃষ্ণৰ স্থলক যিটো নকৰে গমন।
বৃক্ষ-শিলা সম তাৰ দুখানি চৰণ॥”
ইয়াতো নিজৰ ভৰিৰে গচকা আৰু নিজৰ হাতেৰে সজা মাটি বা কাঠৰ লৰাই ওমলা পুতলাৰ দৰে পুতলাতো পূজা কৰাটো অধম নুবুলি তালৈ নোচোৱাটোক অধম বুলিব পাৰে এনে ভাব কেৱল তেনে মাটি বা কাঠৰ পুতলাতহে আৰোপ কৰিব পাৰি, বিচাৰ-বুদ্ধি- যুক্ত মানুহত তাক আৰোপ কৰা টান। “কৃষ্ণৰ স্থল” নিৰ্দেশ ভূগোলত নাই; কিন্তু আজি-কালি বৃন্দাবন বোলা ঠাইত নিশ্চয় কৃষ্ণক লগ পাবলৈ টান হব।
স্বৰূপতে, মাছৰ কণী হাজাৰ হাজাৰ; কিন্তু মিছাৰ কণী অলেখ। ইঙ্গে কোৱা সেই "প্ৰথম পাষণ্ড আৰু প্ৰথম মূৰ্খ” এইদৰে যুগে যুগে জন্মি আছে তাত সন্দেহ নাই।