পৃষ্ঠা:Yugnayak Sankardeva.djvu/২০৬

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১৯৮
যুগনায়ক শঙ্কৰদেৱ


কৈসানিৰ শিষ্য তই কোন তোৰ গুৰু মই,
 যত গুটি দেখস লগৰ॥
নুহি কেহ শিষ্য মোৰ  সমস্তে জানিবা সঙ্গী,
 আছে শিষ্য এগুটি আমাৰ।
নাম তাৰ ৰামচৰণ  সম্বন্ধে ভাগিন জন,
 সোহি মাত্ৰ শিষ্য মোৰ সাৰ॥” ১১৯০। দৈত্যাৰি।

ৰামানন্দ দ্বিজৰ গুৰু-চৰিত সম্ভৱ ভূষণ দ্বিজৰ যথেষ্ট পাছৰ; কিয়নো দূষণতকৈও ইয়াত ঘটনাবোৰৰ ভুল আৰু বেমেজালি সৰহ। পোনতেই শঙ্কৰদেৱৰ জন্ম-মাস আদিৰ ভুলৰ উপৰিও জীয়েক মনু আৰু জোঁৱায়েক হৰিৰ নাম সলনা-সলনি কৰিছে; আনবিলাক ঘটনাৰ বিৱৰণো জীৱন্ত নহয়। তথাপি ৰচনা কৌশললৈ চাই এই পুথি অষ্টাদশ শতিকাৰ পাছৰ বুলিব নোৱাৰি। ইয়াৰ পাছৰ এখন কথা-গুৰুচৰিত প্ৰকাশিত হৈছে; তাৰ পাতনি ইংৰাজীত লিখা দুজনে ইয়াক সপ্তদশ শতাব্দীৰ আৰু অসমীয়াত লিখাজনে “১৭১৬ খৃষ্টাব্দৰ থিক পিছতে” বুলি কয়; কিন্তু তাত “ফিৰিঙ্গিয়ে” বটলত “গঙ্গাজল” খোৱাৰ উপমা থকা বাবে ইয়াক উনৈশ বা অষ্টাদশ শতিকাৰ শেষ ছোৱাৰ পূৰ্বৰ বুলিব নোৱাৰি। উপযোগী-অনুপযোগী নানান ধাৰ্মিক কিম্বদন্তিৰে সেই সময়ৰ বৈষ্ণৱ গদ্যৰ আৰ্হি আৰু কথা-প্ৰসঙ্গত কৈ-যোৱা কিছুমান সত্যৰ সূচনাৰ বাহিৰে এই চৰিতত শঙ্কৰদেৱৰ জীৱনীৰ বিশেষ প্ৰামাণিক কথা নাই।

 বৰ্তমান যুগত শঙ্কৰদেৱৰ প্ৰচাৰিত ধৰ্মমত আৰু ধৰ্ম-সাহিত্যৰ প্ৰতি সৰ্বসাধাৰণৰ মনোযোগ আকৰ্ষণ কৰাৰ গুৰিত লক্ষ্মীনাথ বেজবৰুৱাৰ “শঙ্কৰদেৱ” আৰু “শ্ৰীশঙ্কৰদেৱ আৰু শ্ৰীমাধৱদেৱ” পুথি দুখন। এতিয়ালৈকে শঙ্কৰদেৱৰ জীৱনী, সাহিত্য আৰু ধৰ্মমত সম্পৰ্কে বেজবৰুৱাই অধিকাৰী বুলি গণ্য হৈ থাকিলেও এই শতিকাৰ দ্বিতীয় দশকত ওলোৱা এই পুথি দুখনৰ ভাল নতুন সংস্কৰণ নোহোৱাত আধুনিক বিজ্ঞানসন্মত ৰীতিৰ বিচাৰত তাত কেইবাটাও খুত থাকি গল। তথাপি শঙ্কৰদেৱৰ বৰ্ত্তমান বিচাৰমুক্ত জীৱনীৰূপে এই দুখনৰ বাহিৰে আৰু লেখত লবলগা প্ৰামাণিক পুথি ওলোৱা নাই নিশ্চয়।