পৃষ্ঠা:Yugnayak Sankardeva.djvu/২০৫

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১৯৭
শঙ্কৰদেৱৰ ধৰ্মৰ বিচাৰ-পদ্ধতি


কথা যদি টান বুলি ধৰা হয়, তেন্তে শঙ্কৰদেৱ মাধৱদেৱৰ তথ্য সম্পৰ্কত জীৱন্ত অধিকাৰী নিজ পিতাক ৰামচৰণ থাকেঁতে বাটৰ বাটৰুৱাক সুধি পুতেকে গুৰুচৰিত লিখা কথা আচৰিত বুলিব লাগিব নিশ্চয়। এই সম্বন্ধত মাথোন এটা কথা কব পাৰি, ৰামচৰণে বহুত বয়সত বিয়া কৰাইছিল, আৰু শেষ বয়সত জন্মা পুত্ৰই পিতৃৰ তেনে জ্ঞানৰ অধিকাৰী হবলৈ অৱশ্যে সময় লাগিছিল।

 তদুপৰি কোনো-কোনোৱে সোধে, ৰামচৰণে নিজে কীৰ্ত্তন-ঘোষা একেঠাই কৰিছিল যে তাক তেওঁ লিখা চৰিত্ৰত উল্লেখ নকৰিলে কিয়? সেই প্ৰশ্ন যদি স্বীকাৰ কৰা হয়, তেন্তে তাক লিখিব লাগিছিল দৈত্যাৰিয়ে লিখা দ্বিতীয় গুৰুচৰিতত; তাত থকা নিজ বংশ-পৰিচয়, ককাক-পিতাকৰ গুণ-যশ লিখাৰ লগত। ৰামচৰণে নিজে সেই কথা নিলিখিলে, দৈত্যাৰিৰ গুৰু-চৰিতত মাধৱদেৱৰ কথা যিমান বহলাই আছে, কিয়নো তেওঁ লিখিছিল গুৰু-চৰিত, ৰামচৰণ-চৰিত নহয়। সৰহ নালাগে, ৰামচৰণৰ গুৰু-চৰিতত নিশ্চয় সিমান নাই; কিয়নো গুৰু-চৰিত লিখাহে তেওঁৰ লক্ষ্য আছিল, মোমায়েকৰ সম্পূৰ্ণ চৰিত লিখিবলৈ তেওঁ মন নকৰিছিল। ৰামচৰণৰ এই সংযম সাধাৰণ নহয়; কিয়নো তেওঁৰ দৰে ভক্ত আৰু পণ্ডিত, মাধৱদেৱৰ তোলন-পুত্ৰৰ নিচিনাকৈ সকলো গুণৰ অধিকাৰী হৈ লালন-পালন কৰি মৰা প্ৰত্যক্ষদৰ্শী এজন দ্বিতীয় নাছিল। শঙ্কৰদেৱৰ নাম নলৈ মাধৱক গুৰু বোলা বাবে কোনো-কোনোজনক মাধৱে ককৰ্থনা কৰা সময়তো ৰামচৰণক নিজ শিষ্য বুলি ঘোষণা কৰিছেঃ

“গোমাৰ গোবিন্দ নাম  আছিলন্ত একজন
 তেহেঁ দেৱে মাধৱ সেৱক।
তিনি খান নাৱ ভৰা  দিয়া লোক সমন্বিতে
 আসিলা দেখিবে মাধৱক॥ ১১৮৯।
খঙ্গিয়া মাধৱে বোলা  অন্যায় কৰস তই,
 নাম কহ শিষ্য মাধৱৰ।