গোবিন্দ আতই ৰঙ্গমনে বুলি-
লন্ত লিখাঁ পদবন্ধে॥১৭০২।
যিমান জানন্ত তেহেঁ কহিলন্ত,
আনতো যিকা শুনিল।
ৰামচৰণত শুনিছি যিমত
সৱাকো আমি লিখিল॥ ১৭০৪।
নানান প্ৰকাৰে ইসৱ কথা
চৰ্চন্ত নানা ভকতে।
ভতেকৰ মত নপাৰি লিখিত
যেমন জানয় যিটে॥১৭০৬।
নাহিকে আৰিসি মুখৰ কথাক
কহন্তো তেখনে লৰে॥” ১৭০৭।
বাইবোলৰ নিউ টেষ্টামেণ্টৰ দুজন লেখক মেথু আৰু জন্ খৃষ্টৰ শিষ্য আছিল; আন দুজন মাৰ্ক, আৰু লুক প্ৰত্যক্ষদৰ্শী আছিলঃ এইবাবেই এই চাৰিজনৰ লিখিত বৰ্ণনাই বাইবেলৰ নৱবিধান থাপনা কৰিছে। শঙ্কৰদেৱ-মাধৱদেৱৰ জীৱনী বিষয়ত ঠিক তেনে ঠাই অধিকাৰ কৰে অকল ৰামচৰণে; আৰু সেই অনুসাৰে ৰামচৰণৰ গুৰু-চৰিত যথেষ্ট বিস্তৃত আৰু প্ৰামাণিক। সেই গুৰু-চৰিত থাকোঁতে পুতেক দৈত্যাৰিয়ে আন এখন লিখা অনিয়ম নহয় নিশ্চয়; কিন্তু “নাহিকে আৰিসি” বোলা কথাটো ভাবিব লগীয়া। তদপি দৈত্যাৰিৰ গুৰু- চৰিতকো স্বীকাৰ নকৰি শঙ্কৰদেৱৰ নাতি-বয়সীয়া দ্বিজ ভূষণে “নাহিকে আৰিসি” বুলি লিখা কথাই স্বভাৱতে এনে উক্তিৰ গাম্ভীৰ্য্য পাতলায়; তেতিয়া ভাবিব লগা হয় আজি-কালিৰ কোনো কোনো পণ্ডিতে অন্যায়কৈ হলেও নিজৰ গুৰুত্ব দেখুৱাবলৈ পূৰ্বজনক স্বীকাৰ নকৰাৰ দৰে ভূষণ তথা দৈত্যাৰিয়ে সেইদৰে লিখাৰ ধুন এটা লৈছিল; নহলে, বাস্তৱতে তেওঁলোক পূৰ্ব-গুৰু-চৰিতৰ অস্তিত্ব সম্পৰ্কে অজ্ঞ আহিল। দৈত্যাৰিয়ে তেওঁৰ পিতাকৰ গুৰু-চৰিত নেদেখা বা নজনা