“আছিল ৰাম- দাস নামে ভক্ত
শঙ্কৰদেৱৰ ঠাই।
সমস্ততে আগে শঙ্কৰ দেৱত
তেহেঁ ভক্তি আছে পাই॥ ১৭০৮।
মাধৱদেৱকো তেহেন্তে সে নিলা
শঙ্কৰদেৱৰ পাস।
শঙ্কৰদেৱেসে দিলন্ত জানিবাঁ
তান নাম ৰামদাস॥ ১৭০৯।
তাহান তনয় ভৈলা শোভনয়
নামত ৰামচৰণ।
মাধৱদেৱৰ ভাগিন হোৱন্ত
জানিৱয় সৰ্বজন॥
তাহান সন্ততি আতি শিশুমতি
দৈত্যাৰি দিল নামত।” ১৭১০।
অথচ ভূষণ দ্বিজে এওঁৰো অস্বীকাৰ কৰাৰ দৰে, এৱোঁ ৰামচৰণক গুৰু-চৰিতৰ উল্লেখ নকৰি ভূষণ দ্বিজৰ দৰেই লিখিছে-
“মিনতি বচন বোলো শুনা সৰ্বজন।
কতো মহাজনে মোক বুলিলা বচন॥
দুয়ো মহাপুৰুষৰ কথা যত যত।
পদবন্ধে এক থান কৰিয়ে সমস্ত॥ ৬।
তাসম্বাৰ বাক্য পালি কৰোঁ এক খান।
ক্ষমিবা দোষণ বঢ়া-টুটা যত মান॥
কতো পাই কতো নপাই জানিবাঁ নিশ্চয়।
আৰো আত কত কথা আগ-পাছ হয়॥ ৭।
তদুপৰি আকৌ সামৰণিত সেই “নাহিকে আৰিসি” বুলিছে-
“এহি কথা বুঢ়ীৰ পো গোবিন্দতো
পুছিলোঁ আমি প্ৰৱন্ধে।