যেৱে মাধৱৰ ভাত ৰান্ধিবে লাগিল।
সুন্দৰীক তেৱে ৰামচৰণ আসিল॥৯৮৬।
ৰামচৰণৰ ঘৰ আছিল যথাত।
পোড় ভিঠা সত্ৰ জানা হুই আছে তাত॥৯৮৭।
গতিকে চৈতন্যদেৱৰ যোল-নাম এৰি শঙ্কৰদেৱৰ ধৰ্ম গ্ৰহণ কৰা আৰু পাছত বৰপেটা সত্ৰৰ গৰাকি হোৱা মথুৰাদাস ৰামচৰণৰ কাণ- সমনীয়া আছিল বুলি অনুমান কৰিব পাৰি। ৰামচৰণৰ এই চিনাকি সম্পূৰ্ণ।
ৰামচৰণৰ পিছত তেওঁৰ পুতেক দৈত্যাৰি ঠাকুৰৰ গুৰুচৰিত মান্য বুলিব লাগিব। তাৰ পাছত ভূষণ দ্বিজ; ১৯২৫ত এওঁৰ গুৰুচৰিত চপাওঁতাই নিজ পাতনিত কৈছেঃ “৺ভূষণ দ্বিজ কবিৰ বিষয়ে বিশেষ একো জনা নাযায়। মাথোঁ নৰনাৰায়ণ ৰজাৰ সময়ত তেওঁ ৰাজ- কবি আছিল ইয়াকে বুজি।” আমি আচৰিত মানো; শঙ্কৰদেৱৰ নামটো পালেই কোনো পুথি-ৰচয়িতা “নৰনাৰায়ণ ৰজাৰ সময়ত তেওঁ ৰাজকবি আছিল” বোলা কেনে কথা আমি ভাবি নাপাওঁ। “ৰায় চাহেব শ্ৰীদুৰ্গাধৰ বৰকটকী দ্বাৰাই সম্পাদিত আৰু প্ৰকাশিত” এই পুথিখনিৰ ভিতৰলৈ সম্পাদক-প্ৰকাশক “ৰায় চাহেবে” চকু দিয়া হলেই তলৰ কথাখিনি নেদেখিবৰ কোনো কাৰণ নাছিল যেন লাগেঃ
“শঙ্কৰদেৱৰ নাতি অতি অনুপম।
পৰম পণ্ডিত শ্ৰীপুৰুষোত্তম নাম॥৪৮১।
জৱসিয়া গ্ৰামে আসি তেহে ৰহিমন্ত।
বৎসৰ ছয়ক মানে ঐতে আছিলন্ত॥
কৰিলন্ত সত্ৰ হৰি কথা দিনে-ৰাতি।
তেহেন্তে আমাক দয়া কৰিছন্ত আতি॥ ৪৮৩।
চতুৰ্ভুজ নামে আছা নাতি শঙ্কৰৰ।
যাৰ মহা গুণগণে নাহি পটন্তৰ॥