তাহান এসাদে শঙ্কৰৰ পাইলো সঙ্গ।
তান লগে থাকিবাক মনে মহা ৰঙ্গ॥৯৭৩।
তাঙ্কো আনগই বাপু একে লগে থাকি।
আমাৰ লগত থাকি দুঃখ পাইবি নিকি॥
কোন দুঃখ নপাইবি আস গৈ ওচৰ।
কোলায়ে-বোকায়ে তুলি কৰিলোঁ ডাঙ্গৰ॥৯৭৪।
পাছে ৰামচৰণে মনত আলোচন্ত॥ ৯৮০।
মমাৰ সঙ্গত আসি থাকিলি নিশ্চয়।
ইহ পৰলোক সুখ সমস্তে মিলয়॥
এহি বুলি কয়জন মানুষ নিলন্ত।
ঢনুৰিৰ পৰা সুন্দৰীক আসিলন্ত॥ ৯৮১।
ঢনুৰিত আছা ৰামচৰণ যৈসানি।
জানিবাঁ মথুৰাদাস আসিলা তৈসানি॥
মাধৱদেৱৰ সঙ্গ পায়া মহাশয়।
পাছে তান মহাভাগ্য ভৈল সি উদয়॥ ৯৮২।
মাধৱদেৱৰ মুখে শুনি কথাচয়।
দূৰ ভৈল তান যত মনৰ সংশয়॥
তেৱে বঙ্গদেশীৰ মতক এড়িলন্ত।
মাধৱক গুৰু মানি শৰণ লৈলন্ত॥ ৯৮৩।
তেৱেসে ঈশ্বৰ বুলি মানি শঙ্কৰক।
ধিক বুলি খেদ কৰিলন্ত আপোনাক॥
মথুৰাদাসৰ সঙ্গে আনো তান্তি যত।
গুৰু মানি উপদেশ লৈল মাধৱত॥ ৯৮৪।
বুলিলা মাধৱদেৱে মথুৰা দাসক।
তোৰা নিয়া ঠাই দিয়া ৰামচৰণক॥ ৯৮৫।
শুনি তাৰা সাদৰ কৰিয়া তাঙ্ক নিলা।
তান্তিকুঞ্চিতে তাঙ্ক ঘৰ বান্ধি দিলা॥
পৃষ্ঠা:Yugnayak Sankardeva.djvu/২০০
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১৯২
যুগনায়ক শঙ্কৰদেৱ