পৃষ্ঠা:Yugnayak Sankardeva.djvu/১৯৯

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১৯১
শঙ্কৰদেৱৰ ধৰ্মৰ বিচাৰ-পদ্ধতি


ঢনুৰিক গৈয়া ছয় বৎসৰ আছন্ত।
হাল গৰু ক্ষেন্তি ভূঞি বাড়ী কৰিলন্ত॥
টকা-কড়ি আৰ্জিবে মনত তান আশ।
নিতে নিতে তাঙ্ক বুঝাই বোলা ৰামদাস॥৯৫১।
তেহে বোলা মমা তোৰ পৰম ভকত।
ৰত্নাৱলী ৰত্নাকৰ তাহান সঙ্গত॥
বুঝিলি দুখান গ্ৰন্থ অৰ্থ এই যেৱে।
জান বাপু মোৰ মনে ভাল মানো তেৱে॥ ৯৬০।
এহিমতে বৎসৰেক বোলা বাপ খনে।
পাছে শ্ৰদ্ধা ভৈল ৰামচৰণৰ মনে॥
মায়োখনে পাছে তাঙ্ক বুলিলন্ত বাক।
যায়ো বাপু ৰামচৰ্ণ সুন্দৰীদিয়াক॥ ৯৬১।
ভৈল ছয় বৰ্ষ বাৰ্ত্তা দদাৰ নপাই।
আস গৈয়া বাপু বহিনিয়েৰক চাই॥৯৬২।
শুনি ৰামচৰণে মনত আলোচন্ত।
মমাৰ পাশক যাইবে আতায়ো বোলন্ত॥
আয়ো যাইবে বোলা মোক বহিনিৰ ঠাই।
একেলগে আসোঁ গৈয়া দুই হন্তকো চাই॥” ৯৬৩।

শঙ্কৰদেৱৰ নুমলীয়া পুতেক হৰিচৰণে ৰামচৰণৰ ভনীয়েকক বিয়া কৰায়; দুয়ো লগ লাগি মাধৱদেৱৰ কাষলৈ যোৱাত মাধৱে ৰামচৰণক ৰখায় আৰু এওঁৰ পিতাক ৰামদাসকো আনি ওচৰা-ওচৰিকৈ আগৰ দৰে থাকিবাৰ বাঞ্ছা কৰে-

“বুঢ়া ভৈলোঁ আমি আৱে সঙ্গ নছাড়িবি।
নাপৰা পৰিলে কোন পানীফোট দিবি॥ ১৯৭২।
তোৰ পিতৃ ৰামদাস মহা উপকাৰী।
তাৰ গুণ জানা আমি শুজিতে নপাৰি॥