খীৰাইহে পোৱা। তাৰ বিপৰীতে আৰু বিজ্ঞানসম্মত বা বাভাৱিক নিয়মমতে গোটেই বৈদিক ধৰ্মই যেনেকৈ মানৱ মনৰ তথা ধৰ্ম জাগৃতিৰ এক ক্ৰম-বিৱৰ্তনৰ বুৰঞ্জী মাখোন, ইয়াৰ প্ৰত্যেক প্ৰৱৰ্তকৰো তেনেকৈ নিজ ক্ৰম-বিকাশৰ কাহিনী ধৰা পৰে। ধৰ্মৰ দৰে সাহিত্যৰ ফালৰ পৰাও কালিদাস, শেক্সপীয়েৰ আদি কোনো কবিয়েই আলাসত বৰ পোৱা নাছিল; জ্ঞানৰ অগাধ সমুদ্ৰত ভালকৈ এবুৰ মাৰিহে সৰস্বতীৰ কৃপা লাভ কৰিছিল। সৰস্বতীৰ তথাকথিত বৰপুত্ৰ কালি- দাসৰ আগবয়সৰ ৰচনা “ঋতু-সংহাৰ” বিজ্ঞ সমালোচকসকলে ইমান হীন বুলি ভাবে যে তেওঁলোকৰ কোনো কোনোৱে তাক কালিদাসৰ নামৰ স্বীকৃতি নিদি আন কোনো দ্বিতীয় শ্ৰেণীৰ কবিৰ ৰচনা বুলিব খোজে।
গুৰু-চৰিত আলোচনা প্ৰসঙ্গত আমি দেখুৱাম, আগবয়সত শঙ্কৰদেৱৰ জগন্নাথ-ক্ষেত্ৰ ভ্ৰমণত যেনে প্ৰীতি আছিল, ব্ৰহ্মপুৰাণৰ ব্যাখ্যাতো তেনে পাৰদৰ্শিতা পুৰী আদিৰ পণ্ডিত-সমাজত ভুৰি ভুৰি বাৰ স্বীকৃত হৈছিল, এই দুটি বস্তুৰ মিলনৰ ফলেই যে গুৰুজনাৰ আগ বয়সৰ "উৰেষা বৰ্ণন” ৰচনা তাত সন্দেহ নাই; কিম্বদন্তী মতে ব্ৰহ্ম- পুৰাণৰ হুবহু ভাঙনি কৰোতে তাত পৈণত বয়সৰ ধৰ্মশিক্ষাৰ অনুকুল নোহোৱা শ্ৰাদ্ধ-বিধি আৰু মূৰ্ত্তিপূজাৰ কথা থকা বাবে গুৰুজনাই সেই “উৰেষা বৰ্ণন” পাছত “কীৰ্ত্তন"ৰ পৰা একেবাৰে বাদ দিব খুজিছিল, কিন্তু “বঢ়াৰ পো"ৰ অনুৰোধমতে তাক একেবাৰে বাদ নিদি “কৃষ্ণ সূৰ্য ভৈলন্ত উদিত। নাম-ধৰ্ম কৰিলা বিদিত॥” আৰু “মাধৱ বাৰ উদ্ধাৰ বাপ। কতনো সহিবোঁ সংসাৰ তাপ॥” এই বিতোপন অধ্যায় দুটিৰে সামৰণি মাৰি তাক "কীৰ্ত্তন"ৰ শেষত ৰাখিবলৈ প্ৰাৰ্থনা কৰিলে, আৰু সেই মতেই সি “যৈত যি কথা, থৈব লাগে থৈছে, বিচাৰি দেখিল পাছে।”
কিতাপ-ব্যৱসায়ীয়ে আজিকালি নকৈ ছপোৱা দুই এখন কীৰ্তন "ভৃগু-পৰীক্ষা” আৰু "ৰুক্মিণীৰ প্ৰেম-কলহ” নামে পদ কিছুমান