পৃষ্ঠা:Yugnayak Sankardeva.djvu/১৯৩

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১৮৫
শঙ্কৰদেৱৰৰ ধৰ্মৰ বিচাৰ-পদ্ধতি

দেখা দেখা লোক কহোঁ‌ শুনিয়োক
 পূৰ্বে এই পুথিখন॥
পায়া সংসাৰক আমি পাসৰিলোঁ‌
 ইতো থানে থানে গৈল।
আৰু একখান কৰিবাক প্ৰতি
 পূৰ্বে মোৰ মন ভৈল॥ ১৫৮৬।
এতেকে ই ৰাজ্য আইলোঁ‌ একথান
 কৰিবাক নপাৰিল।
ৰামচৰ্ণে আক এক ঠাই কৰি
 মোৰে সে কাম কৰিল॥
এহি বুলি পুথি মেলি চাহিলন্ত
 কৈত কোন কথা আছে।
যৈত যিবা কথা থৈব লাগে থৈছে
 বিচাৰি দেখিল পাছে॥ ১৫৮৭।
নলাগে লাৰিবে, ভাল আছে সৱে
 এহি বুলি হাসিলন্ত।”১৫৮৮।

ইয়াৰ পৰা বুজিব পাৰি "কীৰ্ত্তন” পুথিৰ ক্ৰমবোৰ গুৰুজনৰ দিনৰ পৰাই সম্পূৰ্ণ নিৰ্দ্ধাৰিত আছিল। উনৈশ শতিকাৰ মাজভাগত হৰি- বিলাস আগৰৱালাই ইয়াক পোনতে পাই উলিয়ায়, আৰু তেতিয়াৰ পৰা এতিয়ালৈকে “উৰেষা-বৰ্ণন” কীৰ্ত্তন-পুথিৰ শেষত আৰু ৰত্নাকৰ কলসীৰ “সহস্ৰনাম বৃত্তান্ত”ৰ পাছত ঠাই পাইছে; ইয়াত কিবা হীন-ডেঢ়ি থকা হলে নিশ্চয় এই বিষয় বিশেষজ্ঞসকলে কেতিয়াবাই তাৰ নিৰাকৰণৰ চেষ্টা কৰিলেহেতেন। এতিয়া মাখোন কথা উঠে, গুৰুজনৰ নিজ ৰচনা হৈও "উৰেষা বৰ্ণন” কীৰ্ত্তন-পুথিৰ শাৰীৰ মূৰতহে চিৰ-কাললৈ ঠাই পালে কিয়?

 বাইবেল বা কোৰাণৰ দৰে বৈদিক ধৰ্মত কাৰ্যতঃ দৈৰবাণী বুলি পোৱা শাস্ত্ৰৰ কথা নাই; গীতামৃত-দুগ্ধও সৰ্বোপনিষদ গাই